Breaking

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতাৰ মৃত্যু, তিনিদিনীয়া শোক পালন

0 1,295

তিনিচুকীয়া : ৰে’ল শ্ৰমিকসকলৰ দুৰন্ত তথা আপোচহীন নেতা ৰূপে পৰিচিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহ:সাধাৰণ সম্পাদক ভজন চন্দ্ৰ দে ৬৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি পুৱতি নিশা ৩-২০ বজাত বদৰপুৰৰ ৰে’লৱে চিকিৎসালয়ত মৃত্যুবৰণ কৰা শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তিনিচুকীয়া ডিভিজনৰ লগতে সমগ্ৰ এন এফ ৰে’লৱে অন্তৰ্গত ৰে’ল শ্ৰমিক সকলৰ মাজত শোকৰ বন্যা বৈছে। শ্ৰমিক নেতাজনৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰি এক প্ৰেছ বাৰ্তাত কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কয় যে, ২০১২ চনত ৰে’লৱে চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰা ৰে’ল শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেই দহ বছৰ কাল বদৰপুৰ শাখাৰ শাখা সম্পাদক আৰু ২০১০ চনৰ পৰা মৃত্যু পৰ্যন্ত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰে’ল শ্ৰমিক সকলৰ ন্যাৰ্য্য প্ৰাপ্য আদায়ৰ সংগ্ৰামখনৰ এজন বলিষ্ঠ নেতা হেৰুৱালে বুলি গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ভজন চন্দ্ৰেৰ মৃত্যুত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তায়ো গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে কেন্দ্ৰীয় কমিটীৰ লগতে ইউনিয়নৰ সকলো শাখাই পতাকা অৰ্ধনমিত কৰি ১ আগষ্টৰ পৰা ৩ আগষ্টলৈকে তিনিদিনীয়া শোক দিৱস ৰূপে পালন কৰিব বুলি ঘোষণা কৰিছে। একেদৰে  মজদুৰ ইউনিয়নৰ বদৰপুৰ শাখাৰ নেতা উত্তম দাসকে ধৰি কেন্দ্ৰীয় নেতা সজল চক্ৰৱতী, মহিলা নেত্রী সুমনা বেনাৰ্জী, পেঞ্চনাৰ এছ’চিয়েচনৰ কৰ্মকৰ্তা সকলৰ উপৰি অনেক গুণমুদ্ধই শোকাকুল পৰিবেশত নশ্বৰ দেহত মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পন কৰে শ্ৰমিক নেতা জনক। ৰে’ল শ্ৰমিক নেতাজনে  মৃত্যুৰ সময়ত এজন পুত্র আৰু বোৱাৰীকে ধৰি দুগৰাকী জী জোঁৱাই আৰু  নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে। 

Leave A Reply