Breaking

তেজুৰপৰা ৫ দিন খোজকাঢ়ি জামুগুৰি পালেহি তিনি শ্রমিক : তিনিমাহ কাম কৰাই এটকাও নিদিলে ঠিকাদাৰে

0 60

জামুগুৰিহাট

ক’ৰ’ণা মহামাৰীয়ে সর্বত্ৰ বিভীষিকাৰ সৃষ্টি কৰাৰ মুহূর্তত বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত এখন ট্রাকত তিনিজন যুৱক আহি জামুগুৰিহাটৰ মাজমজিয়াত উপস্থিত হোৱা এক ঘটনাই অঞ্চলটোৰ সচেতন মহলত শংকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সন্ধ্যা ৬ বজাৰ পৰা বলবৎ হৈ থকা সান্ধ্য আইনৰ সময়ত এইদৰে গাড়ীৰ পৰা নামি নিজ গৃহলৈ যাব বিচৰা যুৱক কেইজনক দেখি সন্দেহ ওপজাত ডেকাসুন্দৰ গাঁৱৰ সচেতন তিনি যুৱক ক্রমে মিংকু কলিতা, পবিত্র বৰুৱা আৰু হেমন্ত হাজৰিকাই যুৱক কেইজনক আবদ্ধ কৰি প্রশ্ন কৰাত এক হৃদয়বিদাৰক কাহিনী সন্মুখলৈ আহে৷ উক্ত যুৱক কেইজন ক্রমে জামুগুৰিহাটৰ বকুলৰতলৰ শ্ৰীমন্ত ঠাকুৰীয়া (১৬), মাজগাঁৱৰ বিকি দাস (১৯) আৰু পানপুৰৰ ৰিংকল দাস৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা অৰুণাচল প্রদেশৰ তেজুস্থিত আইটিবিপি কেম্পত আটাইকেইগৰাকী শ্রমিক হিচাপে নিয়োজিত আছিল৷ আটাইকেইজন শ্রমিকক বঙালমৰাৰ ঠিকাদাৰ জনৈক হুছেইনে উক্ত শিবিৰত নির্মাণ কার্যৰ শ্রমিক হিচাপে নিযুক্তি দিছিল৷ শ্রমিক কেইজনে প্রায় তিনি মাহ কাম কৰাৰ পাছত লকডাউন আৰম্ভ হোৱাত কাম বন্ধ হৈ পৰে যদিও ঘৰলৈ অহাৰ কোনো ব্যৱস্থা নথকাত উক্ত শিবিৰতে আবদ্ধ হৈ পৰে৷ মনকৰিবলগীয়া যে ঠিকাদাৰ  হুছেইনে এই শ্রমিকসকলক মাহে ১২,০০০ টকাকৈ পাৰিতোষিক দিয়াৰ বন্দবস্তিৰে কামত নিয়োজিত কৰিছিল যদিও কাম আৰম্ভ হোৱাৰ পৰা তিনি মাহ ওকলি যোৱাৰ পাচতো এটকাও নিদি লকডাউন আৰম্ভ হোৱাৰ পৰা যোগাযোগো বন্ধ কৰি দিয়ে৷ ইপিনে শ্রমিক কেইগৰাকীৰ হাতত নিয়া টকাকেইটাও  শেষ হোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত যোৱা ৪ তাৰিখৰ পৰা খোজ কাঢ়ি নিজ গৃহলৈ উভতি আহে৷ সম্পুর্ণ ৫ দিন খোজ কাঢ়ি কালি পুৱা নাৰায়ণপুৰত উপস্থিত হৈ সৌভাগ্যক্রমে এখন ট্রাকত উঠি সন্ধ্যা জামুগুৰি পাইহি৷ যুৱককেইজনৰ তথ্য অনুসৰি নাৰায়ণপুৰত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও মাত্র এজনৰ স্বাস্থ্য পৰীক্ষাৰ প্রমাণপত্র পোৱাৰ বিপৰীতে আন এজনৰ হাতত ষ্টাম্প পোৱা যায়৷ এনে ত্রুটিপুর্ণ স্বাস্থ্য পৰীক্ষা দেখি আবদ্ধ কৰি ৰখা যুৱককেইজনে তাৎক্ষণিকভাৱে জামুগুৰি আৰক্ষী নিবেশৰ লগত যোগাযোগ কৰাৰ লগতে জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্রৰ স্বাস্থ্য বিষয়া ডাঃ হৰেন শইকীয়াৰ লগতো যোগাযোগ কৰে৷ স্বাস্থ্য বিষয়াগৰাকীৰ পৰামর্শক্রমে পৰৱর্তী সময়ত স্বাস্থ্য কেন্দ্রলৈ নি স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ১৪ দিনৰ বাবে স্ব-গৃহত আবদ্ধ হৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ পৰা নির্দেশ জাৰি কৰা৷ মন কৰিবলগীয়া যে এইদৰে যদি নিশাৰ ভাগত অন্য ৰাজ্যত থকা লোকসকল আহি সকলোৰে অজ্ঞাতে নিজ গৃহলৈ প্রত্যাৱর্তন ঘটিছে তেন্তে অঞ্চলটোত এক ভয়াবহ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিব৷ জানিবপৰা মতে জামুগুৰি কেন্দ্রস্থলত গাঁওৰক্ষী বাহিনীৰ ব্যৱস্থা আছে যদিও  নিশাৰ ভাগত তেওঁলোকক দেখা নাযায়৷ আনহাতে পূর্বতে জামুগুৰি ব্যৱসায়ী সন্থাৰ নিজাকৈ নৈশ প্ৰহৰাৰ ব্যৱস্থা আছিল যদিও সেই ব্যৱস্থাও বর্তমান অচল৷ এনে সময়ত নিশাৰ ভাগত বাছ আস্থানৰ আশে-পাশে অাৰু গাঁওবোৰত প্রহৰাৰ ব্যৱস্থা গ্রহণ নকৰিলে সমগ্র ৰাজ্যতে ক’ৰ’ণাই ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি ৰাইজে সন্দেহ প্রকাশ কৰিছে৷

Leave A Reply