Breaking

৮০ উৰ্দ্ধৰ তিনি গৰাকী আইতাই উন্মোচন কৰিলে কৃতী শিক্ষকৰ বঁটাপ্ৰাপ্ত মহেন শইকীয়াৰ ‘বিদ্যালয়ত মূল্যবোধৰ শিক্ষা’ শীৰ্ষক গ্ৰন্থ

0 520

বৰ্তমান সময়ত বৌদ্ধিক আৰু সচেতন মহলত বহুলভাৱে চৰ্চিত হৈছে মূল্যবোধৰ  শিক্ষাৰ প্ৰসংগ। বিদ্যালয়ত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তাই চৰ্চা লাভ কৰাৰ সময়তে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক মহেন শইকীয়াই লিখি উলিয়াইছে ‘বিদ্যালয়ত মূল্যবোধৰ শিক্ষা’ শীৰ্ষক গ্ৰন্থ। যোৱা ৮ জুনত বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়া গাঁওস্থিত লেখক শইকীয়াৰ নিজা বাসগৃহৰ চোতালত কোভিড-১৯ ৰ সকলো নীতি-নিয়ম মানি উক্ত গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে লেখক শইকীয়াৰ ৯০ ৰ উৰ্দ্ধৰ মাতৃ তিলেশ্বৰী শইকীয়া, ৮০ ৰ উৰ্দ্ধৰ দুগৰাকী আইতা প্ৰেমলতা শইকীয়া আৰু দেব’ কাকতিয়ে। উন্মোচক তিনিওগৰাকী আইতাই কিতাপখন ল’ৰা-ছোৱালীক পঢ়িবলৈ আহ্বান জনোৱাৰ লগতে লেখককো অধিক কিতাপ লিখিবৰ বাবে আশিস আৰু উদগনি দিয়ে। জীৱনৰ বিয়লি বেলাত তিনিও গৰাকী আইতাই কিতাপ উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছে বুলিও প্ৰকাশ কৰে। কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত লেখক শইকীয়াই শিক্ষকতাৰ বিভিন্ন অভিজ্ঞতাই গ্ৰন্থখন লিখিবলৈ অনুপ্ৰাণিত কৰা বুলি উল্লেখ কৰে । এগৰাকী ছাত্ৰ অথবা ছাত্ৰী পুথিগত শিক্ষাৰে যিমানেই শিক্ষিত নহওক কিয় মূল্যবোধৰ শিক্ষা নাথাকিলে সেয়া বৃথা বুলিও তেওঁ সদৰী কৰে । উল্লেখ্য যে ২০১৯ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা লেখক শইকীয়াৰ এইখন নৱম গ্ৰন্থ। ইতিমধ্যে লেখক মহেন শইকীয়াৰ প্ৰকাশিত আন আঠখন গ্ৰন্থ হ’ল ‘সময়ৰ দস্তাবেজ’, ‘দেওপাহাৰ’, ‘নুমলীগড়’, ‘আইদেউ সন্দিকৈ’, ‘জোনাক’, ‘ধাৰাপাত’, ‘জ্ঞান কোষ’ আৰু ‘গণিতৰ হাত পুথি’। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৃষি বিষয়া জীৱন শইকীয়া, শিক্ষয়িত্ৰী তুলা গগৈ শইকীয়া, সাংবাদিক ক্ৰমে ৰিণ্টু দুৱৰা, সাগৰ হাজৰিকা, চন্দন বৰা আদি উপস্থিত থাকে। 

Leave A Reply