Breaking

ওৰাঙত কৰুণ মৃত্যুক সাৱটিলে একে পৰিয়ালৰ তিনি গৰাকীকৈ লোকে, নিহতৰ ভিতৰত আছে এগৰাকী কন্যা শিশু…

0 61

শোকাকুল, অতি কৰুণ, হৃদয়বিদাৰক আৰু অবৰ্ণনীয় এটা দুঃসংবাদ। ঘৰৰ দুৱাৰ দলি পোৱাৰ আগতে মৃত্যু এটা পৰিয়ালৰ ৩ গৰাকী সদস্যৰ। ওৰাং চাহ বাগিচালৈ আত্মীয়ৰ বিয়াত উপস্থিত হোৱাৰ উদ্দেশ্যৰে নিশা মিছামাৰীৰ গৰুবন্ধাৰ পৰা আহিছিল এটা পৰিয়াল। পৰিয়ালটো আছিল আসাম ৰাইফলচৰ জোৱান সুভাষ ওৰাঙৰ। পৰিয়াল সহিতে মিছামাৰীৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিছালৈ আহিছিল সুভাষৰ পৰিয়ালটো। সুভাষৰ পত্নীৰ ককায়েকৰ ঘৰপোৱাৰ আদবাটতে ১৫ নং ৰাষ্টীয় ঘাইপথৰ ওৰাং থানাৰ সন্মুখত ৰৈ থকা কন্টেনাৰৰ সৈতে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো৷ দুৰ্ঘটনাত থিতাতে নিহত হয় সুভাষ ওৰাং,পত্নী অৰ্চনা প্ৰজা ওৰাং। গুৰুত্বৰ ভাবে আহত হয় তিনিগৰাকীকৈ লোক।

অৱশেষত তেজপুৰ চিকিৎসালয় শেষ নিস্বাস ত্যাগ কৰে নিহত সুভাষ আৰু অৰ্চনাৰ তিনিবছৰীয়া কন্যা সন্তান অন্যানিয়া ওৰাং। একেটা পৰিয়ালৰ ৩ জনকৈ লোকৰ মৃত্যুৰ পিছতে শোকাকুল হৈ পৰে ওৰাং অঞ্চল। তেজপুৰৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিছাৰ অভিমুখে অহা এখন আই টেন্ট গ্ৰেণ্ড AS 12 Y 2263 বাহনে প্ৰচণ্ডজোৰে আহি ওৰাং আৰক্ষী থানাৰ সন্মুখত ৰৈ থকা টাটা WB 11-,D3705 নম্বৰৰ কন্টেনাৰত পিছফালে খুণ্ডা মাৰাৰ ফলত আই টেন্ট গ্ৰেণ্ড গাড়ীখন চুৰ্ণ-বিছিন্ন হয়। লগে লগেই ঘটনাস্থলীতে ২ জন লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাৰ লগে লগে ওৰাং আৰক্ষী থানাই গুৰুত্বৰভাবে আহত ৩ গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৰুত্বৰ ভাবে আহত তিনি গৰাকীৰ ভিতৰত এগৰাকী ৩ বছৰীয়া শিশু, এগৰাকী ১০ বছৰীয়া কিশোৰী।

দুৰ্ঘটনা স্থলীত তৎকালেই মাজবাট ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰৱা উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। ইফালে দুৰ্ঘটনাটোৰ বাবে ওৰাং আৰক্ষীক জগৰীয়া কৰিছে স্থানীয় ৰাইজে। কি কাৰণত ওৰাং আৰক্ষীয়ে বৃহৎ কন্টেনাৰ বাহন খন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰাখি থৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নিহতৰ আত্মীয়ই। ওৰাং আৰক্ষীয়ে থানাৰ সন্মুখত কোনো সংকেত নিদিয়াকৈ কন্টেনাৰখন ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নিহত পৰিয়ালটোৰ আত্মীয়ই। বিয়াৰ আনন্দ উল্লাসৰ পৰিবৰ্তে এতিয়া শোকাকুল পৰিবেশে বিৰাজ কৰিছে ওৰাং চাহ বাগিচাৰ পৰিয়ালটোৰ ঘৰত। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰক্ষীয়ে কন্টেনাৰ ৰখাই কি কৰিছিল বুলি প্ৰশ্ন ৰাইজৰ। ইফালে আজি মাজবাট ৰাজহ চক্ৰ বিষয়া (দ্বিতীয়) মন্টু চক্ৰৱৰ্তীয়ে নিহত পৰিয়ালটোৰ তিনি গৰাকী সদস্যকে মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply