Breaking

গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত তিনি জনকৈ দুধৰ্ষ ডকাইত

0 1,075

গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তর্গত টুকুৰাত যোৱা নিশা ন’ মান বজাত আৰক্ষীৰে হোৱা সংঘৰ্ষত তিনি জনকৈ দুধৰ্ষ ডকাইত নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰামতে ডকাইত কেইজনে এখন বলেৰ’ পিকআপ বাহনত খাপপিটি তামোলভৰ্তি ট্ৰাকত ডকাইতি কৰিবলৈ চেষ্টা চলাই আছিল ! এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত খবৰ লাভ কৰি বলেৰ’ পিক আপ বাহনক লক্ষ্য কৰি আগবাঢ়ি যায় যদিও বাহন খনৰ ভিতৰত থকা ডকাইত কেইজনে প্ৰথমে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে প্ৰত্ত্যুতৰত আৰক্ষীয়েওঁ গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত প্ৰায় দহ মিনিট সময় ধৰি সংঘৰ্ষ হয় ! পিছত আৰক্ষীৰ গুলীত 3 জন কৈ দুধৰ্ষ ডকাইত নিহত হয় ! নিহত ডকাইত কেইজনক ছাহজাহান আলী , নজমুল হক আৰু সুজল হক বুলি চিনাক্তকৰণ কৰা হৈছে আৰু ইতিমধ্যে নিহত ডকাইত কেইজনৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিতসালয়ৰ মর্গত ৰখা হৈছে বুলি জানিব পৰা গৈছে।


আৰক্ষীৰ বাবে মষ্ট ওৱান্টেড নিহত ডকাইত কেইজনে জিলাখনৰ বিভিন্ন প্ৰান্তত চুৰি , ডকাইতি , অপহৰণ আদি কাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলাই আহিছিল ! উল্লেখযোগ্য যে কিছুদিন পুর্বে গোৱালপাৰাৰ ৰাক্ষসিনী অঞ্চলত আৰক্ষীয়ে চলোৱা এনকাউন্টাৰত আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এজন দুধৰ্ষ ডকাইত গুৰুতৰভাৱে আহত হৈছিল ! উক্ত ৰিংকুৰে সহযোগী আছিল যোৱা নিশা নিহত দুধৰ্ষ ডকাইত কেইজন।

Leave A Reply