Breaking

হালাকুৰাত তিনিটা চোৰাং গৰু জব্দ…

0 36

ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত লোহাজানীত দেওবাৰে সন্ধিয়া স্থানীয় ৰাইজে তিনিটাকৈ চোৰাং গৰু আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালি সন্ধিয়া দুই চোৰাং ব্যৱসায়ীয়ে বাংলাদেশ চালানৰ উদ্দেশ্যে আৰক্ষীৰ চকুত ধুলি দি গোপনে তিনিটা গৰু পশ্চিমবংগৰ পৰা আনি লোহাজানী গাঁৱৰে খোজকঢ়াই গৌৰীপুৰ অভিমুখে লৈ গৈ আছিল।

স্থানীয় একাংশ সচেতন ৰাইজৰ সন্দেহ হোৱাত আটক কৰি সোধা পোছা কৰে। ছেগ বুজি চোৰাং ব্যৱসায়ীয়ে দুজন পলায়ন কৰে। পিছত ৰাইজে হালাকুৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গৰু তিনিটা জব্দ কৰি আজি খোৱাৰত ৰখাৰ ব্যৱস্থা কৰে। উল্লেখ্য আগন্তুক ঈদৰ ওপৰত লক্ষ্য ৰাখি চোৰাং ব্যৱসায়ীয়ে গৰুৰ অবৈধ ব্যৱসায় নতুন নতুন কৌশলৰে তীব্ৰতৰ কৰাৰ চেষ্টা চলাইছে।

Leave A Reply