Breaking

জখলাবন্ধাত তিনি চোৰ গ্ৰেপ্তাৰ:বৃহৎ পৰিমাণৰ চুৰি গেলামাল উদ্ধাৰ

0 521

জখলাবন্ধাত নিশা গেলামালৰ দোকানৰ গোডামৰ পৰা খাদ্য সামগ্ৰী চুৰি কৰি ৰঙাঘৰত সোমাল তিনিটাকৈ গভাইত চোৰ। সোমবাৰে পুৱতি নিশা জখলাবন্ধা চহৰৰ  মাজ মজিয়াৰ সুৰেশ ৰায় ওৰফে ভিক্ষাৰী নামৰ ব‍্যৱসায়ীজনৰ  গুডামত সোমাই  চোৰৰ দলটিয়ে মিঠাতেল, ৰিফাইন তেল লুটকৰাৰ সময়তে হাতে-লোটে আটক কৰে বিবেক ৰবিদাস নামৰ চোৰটোক। ধৃত বিবেক ৰবিদাসৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জখলাবন্ধা থানা এলেকাধীন কেৰিবাকৰিৰ পৰা জয় বাচফৰ(২০) আৰু মিটলেচ চাহানি(১৮) নামৰ আন দুটা চোৰক আটক কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী খিনি উদ্বাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে প্ৰায় ১ বছৰৰ পূৰ্বৰ পৰা উক্ত অঞ্চলৰ কেইবাটাও গুডামৰ পৰা এইদৰে বিভিন্ন সামগ্ৰী চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। অবশেষত আৰক্ষীৰ জালত পৰিল এই তিনি চোৰ। ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৫৭/৩৮০ধাৰাৰ  অধীনত ৪০/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply