Breaking

তিনিটা অচিনাক্ত লক্ষণে নিৰৱে হাৰ্ট এটেকৰ দৰে বিপদৰ সৃষ্টি কৰিব পাৰে , অধিক জানিবলৈ পঢ়ক

0 132

উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা আদি সমস্যা থকা সকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। যিকোনো বয়সতে হাৰ্ট এটেক হ’ব পাৰে। ইয়াৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। শেহতীয়াকৈ কৰা এক গৱেষণাৰ মতে, ৰাতিপুৱা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি।

কিন্তু কেইবাবিধো হাৰ্ট এটেকৰ বিষয়ে চিকিৎসকে বাৰে বাৰে সতৰ্ক কৰি আহিছে। তেওঁলোকে কয় যে হাৰ্ট এটেক সদায় হঠাৎ নহয়। বৰঞ্চ কিছুমান ক্ষেত্ৰত বহু লোকেও ‘মৌন হাৰ্ট এটেক’ত আক্ৰান্ত হয়। বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, অত্যধিক ঘামচি, কাহ আদি হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ। কিন্তু এইবোৰেই নহয়। এনে বহুতো লক্ষণ আছে যিবোৰ প্ৰথম অৱস্থাত হাৰ্ট এটেকৰ লক্ষণ যেন নালাগিবও পাৰে। কিন্তু তেনেকুৱা কিবা এটা হ’লে তাৎক্ষণিক ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়।

১) বমিৰ সৈতে পেটৰ বিষ – প্ৰথম অৱস্থাত গেছ-হাৰ্টবাৰ্ণৰ লক্ষণ যেন লাগিব পাৰে। চিকিৎসকে কয়, এয়া হাৰ্ট এটেকৰ অন্যতম লক্ষণ হ’ব পাৰে। যদি কেইবাবাৰো এনেকুৱা হয় তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

২) হাৰ্ট এটেক হোৱাৰ সময়ত ধমনীবোৰে হৃদযন্ত্ৰত তেজ পাম্প কৰিবলৈ যথেষ্ট চাপ দিয়ে। ভিতৰৰ পৰা অতিমাত্ৰা পৰিশ্ৰমৰ ফলত শৰীৰৰ উষ্ণতা কমিবলৈ আৰম্ভ কৰে। সাৰ পোৱাৰ পিছত যদি শৰীৰৰ পৰা ঠাণ্ডা ঘাম ওলাবলৈ ধৰে তেন্তে সেই মুহূৰ্তত চিকিৎসকৰ পৰামৰ্শ লওক।

৩) হাৰ্ট এটেকৰ পূৰ্বে সামান্য বদহজম, গেছৰ সমস্যা হ’ব পাৰে। ঘৰতে ৰন্ধা খাদ্য খোৱা আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ পিছতো যদি এনে হয়, তেন্তে ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত।

Leave A Reply