Breaking

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি ৱাৰ্ডেনক অব্যাহতি…

0 109

ৰাজ্যজুৰি কপাঁই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙ কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে কাইলৈ নিয়া হব দিল্লীৰ এইমছলৈ। চৰকাৰৰ সহযোগিতাত এয়াৰ এম্বুলেঞ্চত তেওক দিল্লীলৈ নিয়া হব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ লগতে ভবিষ্যতেও সকলো সহায় সহযোগিতা আগবঢ়াই যাব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে কৰ্তৃপক্ষই তিনি গৰাকী হোষ্টেলৰ ৱাৰ্ডেন ক্ৰমে মোস্তাক হুছেইন, দিব্যজ্যোতি দত্ত আৰু পলাশ দত্তক অব্যাহতি দিয়ে। আনহাতে ঘটনাত জড়িত মূল অভিযুক্ত উজ্জ্বল অংকুৰ বৰা দোষী সাব্যস্ত হ’লে সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাৰ লগতে বিশ্ববিদ্যালয় এৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে কৰ্তৃপক্ষই। ইতিমধ্য তেওঁক আৰক্ষীয়ে আচক কৰি জেৰা অব্যাহত ৰাখিছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক উচ্চ স্তৰীয় কমিটি গঠন কৰাৰ বিষয়ে ঘোষনা কৰে। উল্লেখযোগ্য যে একাংশ উদণ্ড তথাকথিত ” চিনিয়ৰ” ছাত্ৰই ৰেগিঙ বন্ধ কৰাৰ পিছতো কৰ্তৃপক্ষৰ দুৰ্বল স্তিতিৰ বাবে কনিষ্ঠ ছাত্ৰৰ ওপৰত অত্যাচাৰ চলাই আসুৰিক আনন্দ লাভ কৰি আহিছে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ কঠোৰ অনুশাসনৰ বাবে এই ব্যাধিৰ পৰা ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহ সম্পূৰ্ণ মুক্ত।

চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহন কৰি ৰেগিঙৰ নামত চলা গুণ্ডামি বন্ধ কৰিবলৈ আগবাঢ়ি নাহিলে অনাগত সময়ত পৰিস্থিতি অধিক ভয়াবহ হোৱাতো নিশ্চিত।

Leave A Reply