সাহিত্য অকাডেমীৰ ‘পৰিৱেশ সাহিত্য’ বিষয়ক গৱেষণাপত্ৰ পাঠ কাৰ্যসূচীলৈ আমন্ত্ৰিত অসমৰ তিনি লেখক

ভাৰত চৰকাৰৰ অধীনস্থ প্ৰসিদ্ধ প্ৰতিষ্ঠান সাহিত্য অকাডেমীৰ উদ্যোগত পৰিৱেশ সাহিত্য বিষয়ক গৱেষণাপত্ৰপাঠ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে অসমৰ সাম্প্ৰতিক প্ৰজন্মৰ তিনিগৰাকী লেখক। আধুনিক সাহিত্যত বিশেষ গুৰুত্ব লাভ কৰা ইকো-ক্ৰিটিচিজ্মৰ চৰ্চা কৰি থকা তিনিগৰাকী লেখক ড০ অৰবিন্দ ৰাজখোৱা, পংকজ কুমাৰ দত্ত আৰু পংকজগোবিন্দ মেধিয়ে ৫ জুলাইত সাহিত্য অকাডেমীয়ে আয়োজন কৰা অনলাইন অনুষ্ঠানত নিৰ্দিষ্ট বিষয়ত গৱেষণা পত্ৰ পাঠ কৰিব। সাহিত্য অকাডেমীৰ কলকতাস্থ আঞ্চলিক সচিব দেবেন্দ্ৰ কুমাৰ দেবেশ, অসমীয়া উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ ধ্ৰুৱজ্যোতি বৰাই অংশ গ্ৰহণ কৰিবলগীয়া এই কাৰ্যসূচীত ‘কী নোট এড্ৰেছ’ সম্বোধন কৰিব অসম বিজ্ঞান সমিতিৰ সাধাৰণ সম্পাদক জয়দ্বীপ বৰুৱাই। উল্লেখ্য, অসমীয়া সাহিত্যত প্ৰকৃতি সাহিত্য বিষয়টো নতুন বিষয়। সেই দিশৰ পৰা “প্ৰকৃতি সচেতনতা আৰু অসমীয়া সাহিত্য” শীৰ্ষক সাহিত্য অকাডেমীৰ এই আয়োজনে অসমীয়া সাহিত্যৰ এই নতুন ধাৰাটোক মান্যতা দিছে।
এই গৱেষণাপত্ৰ পাঠ কাৰ্যসূচী সাহিত্য অকাডেমীৰ ইউটিউব চেনেল, ৱেবকাষ্ট আৰু ফে’চবুক পেজযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ হ’ব।

Related Articles