Breaking

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…

0 63

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ বৰপেটাৰোডৰ তিনি যুৱক নোখোজে। এগৰাকীৰ মৃত দেহ উদ্ধাৰ। ৰাজ সাহা নামৰ যুৱক গৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ। নিখোজে হোৱা যুৱক তিনিগৰাকী বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ ৰাজ সাহা, দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ।

তিনি গৰাকী বন্ধু মে’ দিৱসৰ বন্ধত নিজৰ AS15L5825 নম্বৰ hundai i10 বাহনেৰে মানাহ নদীত গা ধুবলৈ গৈছিল।ৰাতিপুৱা নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ৰাজ সাহা নামৰ যুৱক গৰাকীৰ মৃতদেহ৷ ৰাজ সাহা পেছাত ফটোগ্ৰাফাৰ আছিল।

জানিব পৰা মতে ৰাজ সাহা আৰু দ্বীপ সাহা দুই ভাতৃ আছিল। দ্বীপ সাহা পাঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী আছিল।আনহাতে অভিজিৎ কৰ্মকাৰ জুৱেলাৰীৰ কৰ্মচাৰী আছিল। উক্ত ঘটনাৰ পিছতেই বৰপেটাৰোডত এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ এতিয়াও নিখোজে হৈ আছে।

Leave A Reply