উচ্চ ৰক্তচাপৰ হ’লে নিমখ মানুহে, ডায়েবেটিছৰ হ’লে চেনি নাখাই মানুহে! কিন্তু আপুনি জানেনে থাইৰয়ড হ’লে কোনবোৰ খাদ্য খাব নালাগে?(Thyroid) হৰম’নৰ নিঃসৰণ বৃদ্ধি হ’লে ‘হাইপাৰথাইৰয়ডিজম’ বুলি কোৱা হয়, আৰু হৰম’নৰ নিঃসৰণ কমি গ’লে ‘হাইপ’থাইৰয়ডিজম’ বুলি কোৱা হয়। সামান্য পৰিশ্ৰম কৰি ভাগৰ লগা, ওজন বৃদ্ধি, চুলি সৰা আৰু মুখৰ উজ্জ্বলতা কমি যোৱা এইবোৰ লক্ষণ থাইৰয়ডৰ। এনে সমস্যা বেছি হোৱাৰ লগে লগে মানুহৰ শৰীৰত হ’ব পাৰে থাইৰয়ড।
পুষ্টিবিদসকলে কয় যে যদি থাইৰয়ড বৃদ্ধি হয় তেন্তে পনিৰ কাব নালাগে। কবি, ফুলকবি, ব্ৰকলি, চজিনাৰ দৰে খাদ্যই থাইৰয়ডৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। মূলা, বাদাম আদিও খাব নালাগে।
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গোটা শস্য খালে থাইৰয়ডৰ ঔষধে সঠিকভাৱে কাম কৰাত বাধা দিব পাৰে। গতিকে থাইৰয়ড ৰোগত আক্ৰান্ত হ’লে মটৰ, চয়াবিন আদি খাদ্য খাব লাগে।
যিকোনো ধৰণৰ কবি খালে থাইৰয়ডৰ সমস্যা বৃদ্ধি পাব পাৰে। এই শাক-পাচলি শীতকালত বেছিকৈ খোৱা হয়। কিন্তু থাইৰয়ড ৰোগত আক্ৰান্ত হ’লে প্ৰতিদিনে সৰ্বাধিক পৰিমাণৰ কবি খাব বিচাৰিলে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
পেকেজড বা প্ৰচেছড খাদ্যত অতিৰিক্ত নিমখ, চেনি আৰু অস্বাস্থ্যকৰ চৰ্বি থাকে। গতিকে নিয়মিতভাৱে এনে খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। অন্যথা শৰীৰৰ অন্যান্য সমস্যাৰ লগতে থাইৰয়ডৰ সমস্যাও বৃদ্ধি পাব।
অতিৰিক্ত কেফেইনে শৰীৰৰ বিভিন্ন ধৰণৰ ক্ষতি কৰে। থাইৰয়ড নাথাকিলেও অত্যধিক কেফেইনৰ পৰা আঁতৰি থকাটোৱেই উত্তম।
কি কি খাব থাইৰয়ডতঃ
প্ৰতিদিনে নিয়মিতভাৱে দৈ খাব লাগে। সহজে পোৱা টেঙা দৈও খাব পাৰি। ৰাতিপুৱাৰ জলপানৰ লগত বিভিন্ন ধৰণৰ শুকান ফল খাব পাৰে। ৰুটি খাব পাৰে। স্বাস্থ্যকৰ চৰ্বি, ওমেগা-৩, আৰু চেলেনিয়াম থকা খাদ্য বেছিকৈ খাব লাগে।