Breaking

টিলিং টিলিং…

0 1,317

ৰাজীৱ কমল শইকীয়া

‘মন হীৰা দৈ চাইকেল নহয় টিলিঙা,

মন হীৰা দৈ ডেকা নহয় পিলিঙা,

ৰহঢলা পথাৰত, আহিবা ঐ নিজানত

মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত…’

যেতিয়াই গোলাঘাটৰ ঘৰলৈ যাওঁ, ঢেকিয়াল পোৱাৰ লগে লগে মনটো ভাল লাগে, কাৰণ- যাত্ৰা পথত অলপ পাছতেই যে ৰহঢলা। ৰহঢলা পথাৰখন পাৰ হোৱাৰ সময়ত এনে লাগে যেন- প্ৰসিদ্ধ অভিনেতা প্ৰয়াত বিজু ফুকন দেৱ চেলুলয়ডৰ পৰা ওলাই সুবিশাল ৰহঢলাৰ বক্ষৰ সেই পৌঢ় বৃক্ষ আৰু পুল থকা, সেওঁতা হেন ধুনীয়া ৰাস্তাটোৰে চাইকেল চলাই আমাৰ ফাললৈকে আহি আছে, অনন্য হাঁহিটো মুখত লৈ কন্ঠেৰে মহানন্দ মজিন্দাৰ বৰুৱাক সোঁৱৰাই। নিজেও যেন গাড়ীৰ পৰা নামি, কোনো প্ৰিয় সংগীক কেৰিয়াৰত বহুৱাই, তেখেতৰ পিছে পিছে চাইকেল চলাই গুচি যাম বহু দূৰ। বুজা হোৱাৰে পৰা চাইকেলৰ চকাৰ দৰেই স্মৃতিত ঘূৰি ঘূৰি বাজি থকা গান এইটো। আমাৰ জন্মৰো আগৰে এই গান। এটা অতি হেঁপাহৰ গান ই। সময়ৰ তাগিদাত চাইকেলৰ চাহিদা আৰু জনপ্ৰিয়তা লাহে লাহে, কমি আহিছিল। তাৰ পাছত… গণ পৰিবহনত সামাজিক দূৰত্ব নাথাকে। চিকিৎসা বিশেষজ্ঞসকলে নিৰন্তৰ শাৰীৰিক দূৰত্বৰ গুৰুত্বৰ কথা আমাক দফেবিদফে কৈয়ে আছে। তাৰ পৰিপেক্ষিতত, ৰাইজৰ মাজত চাইকেলে হেৰুওৱা আদৰ ঘূৰাই পাইছে। বৰ্তমান বজাৰত গাড়ী, মটৰ-বাইকৰ তুলনাত চাইকেলৰ বিক্ৰীৰ হাৰ বেছি হোৱা পৰিলক্ষিত হৈছে। বিশ্বৰ গৰিষ্ঠ সংখ্যক মানুহে সদ্যহতে দীঘলীয়া ভ্ৰমণৰ পৰা বিৰত আছে। চমু ভ্ৰমণ আৰু বজাৰ-সমাৰ কৰা জাতীয় প্ৰয়োজনত, শাৰীৰিক দূৰত্ব পালনৰ খাতিৰত বাইক বা গাড়ীৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ হৈছে। লকডাউন ব্যৱস্থা আৰু আনলক প্ৰক্ৰিয়াই অধিকাংশ মানুহক অফুৰন্ত সময় দিছে, ফলত পৰিশ্ৰম আগতকৈ কমিছে, সেয়ে বহু লোকে ৰাতিপুৱা, গধূলি নিয়মীয়াকৈ চাইকেল চলাই গাৰ ঘাম বাহিৰ কৰি, শৰীৰক নিৰোগী তথা সপ্ৰতিভ কৰি ৰখাৰ প্ৰচেষ্টাত অন্তঃকৰণেৰে ব্ৰতী হৈছে। আনলক ভাৰতৰ নেচনেল হাইৱেৰ বাদে মফচলীয় অঞ্চলসমূহৰ মুকলি ৰাস্তাত গাড়ী আৰু বাইকৰ হৰ্ণৰ বিপৰীতে বেছিকৈ শুনিবলৈ পোৱা গৈছে- নতুন নতুন ব্ৰেণ্ড তথা মডেলৰ আকৰ্ষণীয় চাইকেলবোৰতো তাহানিৰ টিলিঙাৰ ক্লাছিক শব্দ- টিলিং টিলিং। যদিও আজিকালিৰ আটক ধুনীয়া চাইকেলবোৰৰ ক্ৰয়ৰ ক্ষেত্ৰত ইএমআই অপশ্যনো উপলদ্ধ, তথাপিও, বাইকৰ তুলনাত এই গিয়েৰ যুক্ত আৰু গিয়েৰহীন বৰ্ণিল চাইকেল সমূহৰ বহুতেই কম দাম। সেয়েহে ক’ব পাৰি- ইচ্ছা কৰিলে, ক্ৰেতাৰ এককালীন বিনিয়োগে আনি ঘৰ পোৱাই দিবহি পৰা বাহনৰ নাম চাইকেল। যুগ যুগ ধৰি শূণ্য প্ৰদূষণ সৃষ্টিকাৰী চাইকেল… জিন্দাবাদ।

Leave A Reply