Breaking

পানেৰীত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত টিনপাট বিতৰণ

0 1,231

বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি দিন হাজিৰা কৰি খোৱা লোকক অসম বিধানসভাৰ অধ্যক্ষ, পানেৰীৰ বিধায়ক বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে খালিংদুৱাৰ মণ্ডল কমিটিৰ অধীনত পানেৰী বিধানসভা সমষ্টিৰ লগতে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলে  আৰ্থিকভাৱে জুৰুলাপ্ৰায় অৰ্ধ শতাধিক লোকক টিন-পাট বিতৰন কৰে।  বাৰিষাৰ সময়ছোৱাত দুখীয়া দৰিদ্ৰ লোকসকলে আৰ্থিক ভাবে দুৰ্বলতাৰ বাবে থকা নিজৰ ঘৰটোৰ মেৰামতি কৰিব নোৱাৰা সময়ত বিজেপি দলৰ কাৰ্যকৰ্তা সকলে ঘৰে -ঘৰে পদূলিৰ সন্মূখত গৈ ১ বানকৈ টিনপাট দিয়াত  সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে, পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ অসম বিধানসভাৰ অধ‍্যক্ষ বিশ্বজিত দৈমাৰী, অসম বিধানসভা অধিবেশন চলি থকা হেতুকে নিজে সমষ্টিত উপস্থিত থাকিব নোৱাৰা সত্বেও, বৰ্তমান ক’ৰনা মহামাৰীৰ ফলত সাধাৰণ তথা দুখীয়া-দৰিদ্ৰ লোকসকলৰ মাজত আৰ্থিক দুৰ্যোগ সৃষ্টি হোৱা সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ লগতে দলৰ কাৰ্যকৰ্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply