Breaking

খৈৰাবাৰী ব্লক উপিপিএলৰ উদ্যোগত টিনপাট বিতৰণ কাৰ্যসূচী

0 1,563

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ৩১ নং খৈৰাবাৰী পৰষদীয় সমষ্টিৰ চিনাকনা ভিচিডিচিত আজি খৈৰাবাৰী ব্লক উপিপিএলৰ উদ্যোগত প্ৰায় ৩৭টা কৈ দৰিদ্ৰ পৰিয়ালক টিনপাট বিতৰণ কৰাৰ পৰিলক্ষিত  হয়।প্ৰায় ৯০০ টা কৈ পৰিয়ালক টিনপাট বিতাৰণ কৰাৰ লক্ষ্যৰে খৈৰাবাৰী সমষ্টিত মহামাৰী কৰো’নাই জৰুলা কৰা আৰ্থিকভাৱে দুৰ্বল, দৰিদ্ৰ পৰিয়ালক উপিপিএলৰ উদ্যোগত আজি ১ বানকৈ টিনপাট  প্ৰদান কৰা কাৰ্যসূচীক সচেতন ৰাইজ সলাগ লোৱাৰ লগতে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে টিনপাট লাভ কৰা পৰিয়াল সমূহে।

টিনপাট বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে খৈৰাবাৰী ব্লক উপিপিএলৰ  সভাপতি ভূৱন চন্দ্ৰ বড়ো,খৈৰাবাৰি ব্লক উপিপিএলৰ উপসভাপতি কমলেশ্বৰ  বড়োৰ লগতেচিনাকনা ভিচিডিচিৰ ভাইচ চীয়াৰমেনসহ উপস্থিতৱত থাকে  উপিপিএলৰ বিভিন্ন কৰ্মকৰ্তা,উল্লেখ্য যে  খৈৰাবাৰী পৰিষদীয়  সমষ্টিৰ অন্তৰ্গত  প্ৰায় ৯ টাকৈ ভিচিডিচিত বসবাসকৰা দৰিদ্ৰ পৰিয়ালৰ বাবে বিটিআৰ চৰকাৰে লোৱা আচনীৰ সহায়ত খৈৰাবাৰী সমষ্টিৰ প্ৰায়  ৯০০ টা কৈ পৰিয়ালক টিন পাত বিতৰণ কৰাৰ লক্ষ্যৰে আজি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত চিনাকনা ভিচডিচিৰ ৩৭ টা পৰিয়ালক টিনপাট বিতাৰণৰে সুভাৰম্ভণি কৰেউপিপিএলৰ সভাপতি ভূৱন চন্দ্ৰ বড়োয়ে।

Leave A Reply