Breaking

অসম যুৱ অলিম্পিকত ধেমাজিৰ সাফল্যঃ ১০ সোণৰ পদকসহ মুঠ ৪৩ পদকেৰে ১১ সংখ্যক স্থানত ধেমাজি…

0 2,187

অসম অলিম্পিক সন্হাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত ধেমাজি জিলা দলৰ খেলুৱৈয়ে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ ধেমাজি জিলা দলে বিভিন্ন ইভেন্টত অংশগ্ৰহণ কৰি ১০ টা সোণৰ পদক, ১৬ টা ৰূপৰ পদক আৰু ১৭ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৪৩ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যখনৰ মুঠ ৩৫ খন জিলা (গুৱাহাটী স্বতন্ত্ৰৰীয়া) দলে অংশগ্ৰহণ কৰা যুৱ অলিম্পিকত ধেমাজি জিলা দলৰ পদকৰ স্থান একাদশ সংখ্যক স্থানত ৷ ধেমাজি জিলা দলৰ হৈ সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হৈছে পলমণি বৰগোঁহাই (ফেন্সিং), পাৰিজাত দলে (লং জাম্প), চম্পা বসুমতাৰী (ৰেষ্টলিং), অনন্ত সোনোৱাল, পঞ্চমী সোনোৱাল (ভাৰ উত্তোলন), তেৰিচ পেগু, লিপু সোনোৱাল (টাইকোৱানডো), জুৰিম পেগু, মিঠুন স্বৰ্গীয়াৰী (উশ্বু), ধনমায়া চেত্ৰী (কেৰাটে) ৷

ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হৈছে- জানমণি পেগু, মণিকা সোনোৱাল, তিলোচনা ফুকন, খগেশ্বৰ সোনোৱাল, চাবিনা সোনোৱাল, কল্যাণ কুমাৰ কছাৰী (ভাৰ উত্তোলন), ৰঞ্জয় উজীৰ, ভুমিকা বসুমতাৰী (ৰেষ্টলিং), ৰবিন দাস (ফেন্সিং), হৰি কৃষ্ণ চাংমাই, ৰিছা সোনোৱাল (টাইকোৱানডো), জ্যোতিলতা দেউৰী (জুডু), অময় দলে, ৰাজীৱ সুত্ৰধৰ (উশ্বু) ৷ ধেমাজি জিলা দলৰ ফুটবল ল’ৰা শাখাৰ দলটোৱে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে বাস্কেট বলত ধেমাজি জিলা ছোৱালী দলটো ৰূপৰ পদক অৰ্জন কৰে ৷ এইদৰে ব্ৰঞ্জৰ পদক লাভ কৰে পাহি দলে (জেভলিন), অনামিকা পেগু, অনন্ত নৰহ (হাই জাম্প), ধনেশ্বৰী বসুমতাৰী, জাৰ্মিনী স্বৰ্গীয়াৰী, ৰংজালী বসুমতাৰী, বিপুল বসুমতাৰী (ৰেষ্টলিং), সন্ধ্যাৰাণী চেতিয়া (ভাৰ উত্তোলন), ভাইটি পায়েং, জিতুমণি বসুমতাৰী, জোনমণি মিচং, ছায়া দলে, নিছা দলে (টাইকোৱানডো), সুৰজ বৰুৱা, নৱকান্ত পেগু (উশ্বু) ৷ পদক অৰ্জন কৰা সকলো খেলুৱৈলৈ শিক্ষামন্ত্ৰী তথা ধেমাজি জিলা ক্ৰীড়া সংস্হাৰ সভাপতি ডাঃ ৰণোজ পেগু আৰু সম্পাদক যতীন বুঢ়াগোঁহায়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে খেলুৱৈ সকলক খেলৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ৷

Leave A Reply