Breaking

বঙাইগাঁও শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী সমাৰোহ

0 1,047

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে যোৱা বুধবাৰে আয়োজিত এক স্মাৰক অনুষ্ঠানত ভাৰ্চুৱেলী বঙাইগাঁও শোধনাগাৰৰ সোণালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে অসমৰ জনগণৰ স্বপ্ন আৰু আশা-আকাংক্ষাক ইতিপূৰ্বে প্ৰতিফলিত কৰা বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক লিমিটেড (বিআৰপিএল) ৰ তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭২ চনৰ ১৯ জানুৱাৰীৰৰ দিনা আধাৰশিলা স্থাপন কৰাৰ পিছতেই উক্ত স্বপ্নৰ বাস্তৱায়ন আৰম্ভ হয়। সোণালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও শোধনাগাৰৰ সোণালী জয়ন্তী সমাৰোহৰ স্মাৰক অনুষ্ঠানত উপস্থিত থকাৰ বাবে সন্তোষ প্ৰকাশ কৰে আৰু লগতে এই স্মৰণীয় দিনটোৰ বাবে বঙাইগাঁও শোধনাগাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান অইল আৰু বিশেষকৈ বঙাইগাঁও শোধনাগাৰে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি সুৰক্ষাৰ দিশত অৱলম্বন কৰা সামগ্ৰীক ভূমিকাৰ প্ৰশংসা কৰে। নিজৰ ভাষণ প্ৰসংগত এই শোধনাগাৰৰ সফলতা আৰু সমৃদ্ধৰ বিষয়ে ক’বলৈ গৈ তেওঁ উল্লেখ কৰে যে ইণ্ডিয়ান অইলৰ দ্বাৰা স্থাপন কৰা ইণ্ডমেক্স ইউনিট হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক প্ৰোজ্জল উদাহৰণ।

অনাগত দিনসমূহৰ বাবে শোধনাগাৰটোৰ অগ্ৰগতিৰ হকে তেওঁ নিজৰ শুভকামনা জনায়। এই সোণালী জয়ন্তী সমাৰোহে ইণ্ডিয়ান অইলৰ অধ্যক্ষ এছ এম বৈদ্য উপস্থিতিও প্ৰত্যক্ষ কৰে। এই স্মৰণীয় ক্ষণত বঙাইগাঁও শোধনাগাৰৰ সমগ্ৰ টীমটোক অভিনন্দন জনাই অধ্যক্ষ বৈদ্যই শোধনাগাৰটোৰ অতীত আৰু বৰ্তমানৰ সফলতাসমূহৰ বিষয়ে এক বাখ্যা দাঙি ধৰে। তেওঁ কয় যে, সমৃদ্ধ পৰম্পৰাৰে বঙাইগাঁও শোধনাগাৰে ভাৰতবৰ্ষক এক সুদূৰপ্ৰসাৰী ভৱিষ্যতৰ দিশত কৰা যাত্ৰাক আগুৱাই নিব। আনহাতে মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী এই অনুষ্ঠানত উপস্থিত থকা বিআৰপিএলৰ পূৰ্বৰ মুখ্য মহাপ্ৰৱন্ধকসকল আৰু বঙাইগাঁও শোধনাগাৰৰ পূৰ্বৰ ইডিসকলকো তেওঁলোকৰ অৱদানৰ প্ৰতি শলাগ লৈ  অভিনন্দন জ্ঞাপন কৰে। ইপিনে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ১৯৭৫ চনৰ পৰা ১৯৮০ চনলৈ কাৰ্যনিৰ্বাহ কৰা পূৰ্বৰ বিআৰপিএলৰ প্ৰাক্তন মহাপ্ৰৱন্ধক আৰু ইয়াৰ আৰম্ভণিৰ ঠিক পিছতেই তৈল প্ৰতিষ্ঠানটোক আগবঢ়াই নিয়া দ্বিতীয়জন মূৰব্বী বিষয়া এছ আৰ মাথুৰে কয় যে, সেই সময়ৰ ক্ষুদ্ৰ অৰ্থনীতি আৰু থলুৱা প্ৰযুক্তিৰ অভাৱে সেই সময়ত সমান্তৰালভাৱে বৃহৎ প্ৰত্যাহ্বান মাতি আনিছিল। তেওঁ লগতে কয় যে, এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে বিভিন্ন ব্যৱস্থা আৰু উপায় অৱলম্বন কৰিবলগা হৈছিল, যাৰ বাবে শোধনাগাৰটোক কাৰ্যক্ষম কৰি তুলিবলৈ আৰু সুস্থিৰ কৰি তোলাৰ বাবে তেওঁ হাতে-কামে লাগি গৈছিল। অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে শোধনাগাটোৰ মূৰব্বী বিষয়া আৰু ইডি এছ পি বৰুৱাই উপস্থিত অভ্যাগতসকলক আদৰণি জনায় আৰু উপস্থিত অগ্ৰজসকলক কৃতজ্ঞতা জনায়, যিসকলৰ প্ৰচেষ্টাৰ পৰিণতিস্বৰূপে বঙাইগাঁও শোধনাগাৰৰ এই যাত্ৰা সম্ভৱ হৈ উঠিছে। সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ সমবেত শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশিত বঙাইগাঁও শোধনাগাৰৰ থীম চঙেৰে কৰা হয়। কেন্দ্ৰী পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পূৰ্বৰ বিআৰপিএলৰ পৰা বৰ্তমান সময়ৰ বঙাইগাঁও শোধনাগাৰ, ইণ্ডিয়ান অইললৈ ৰূপান্তৰিত হোৱা এই শোধনাগাৰটোৰ পৰিক্ৰমাক উপস্থাপন কৰা বঙাইগাঁও শোধনাগাৰৰ থীম চংটোৰ ওপৰত নিৰ্মিত অডিঅ’-ভিজুুৱেল ছবিখন ভাৰ্চুৱেলী উদ্বাধন কৰে।

সমাৰোহ উপলক্ষে পুৱা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয়। প্ৰয়াত সিংহই অসমৰ এই প্ৰান্তত বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’-ৰাসায়নিক লিমিটেড (বিআৰপিএল), (বৰ্তমানৰ বি জি আৰ) স্থাপনত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। পিছত পুৱাৰ ভাগত শোধনাগাৰটোৰ মূৰব্বী তথা ইডি এছ পি বৰুৱাই বিজিআৰৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানটোত বিআৰপিএলৰ প্ৰাক্তন মুখ্য প্ৰৱন্ধকসকল আৰু ইডিসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটোত সঞ্চালক আৰ এণ্ড ডি ড০ আৰ এছএছভি ৰামাকুমাৰ, সঞ্চালক (মানৱ সম্পদ) ৰঞ্জন কুমাৰ মহাপাত্ৰ, সঞ্চালক (বিত্ত) সন্দীপ কুমাৰ গুপ্তা, সঞ্চালক (বিপণন) ভি এছ কুমাৰৰ লগতে বিভিন্ন শোধনাগাৰ গোটসমূহৰ কাৰ্যবাহী সঞ্চালকসকল, ইণ্ডিয়ান অইলৰ জ্যেষ্ঠ বিষয়াবৰ্গ, বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰীবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ সহিতে অন্যান্য লোকলকলো উপস্থিত থাকে। ইয়াৰ পিছতেই শাৰীৰিকভাৱে উপস্থিত থকা অতিথিসকলৰ বাবে এই ভাৰ্চুৱেল সমাৰোহৰ সামৰণি পৰে আৰু লগতে সমাৰোহ উপলক্ষে ইণ্ডিয়ান অইল অফিচাৰ্চ এচ’ছিয়েচনৰ বঙাইগাঁও শোধনাগাৰ গোটৰ সম্পাদক এম চি গোস্বামী আৰু বঙাইগাঁও শোধনাগাৰ এমপ্লয়িজ ইউনিয়নৰ সম্পাদক ধৰ্মেশ্বৰ দাসেও নিজৰ নিজৰ মন্তব্য আগবঢ়ায়।

Leave A Reply