Breaking

আজি পুনৰ ছমাহৰ পিছত ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ…

0 31

ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ।

আজি পুনৰ ছমাহৰ পিছত বাবা কেদাৰনাথে নিজৰ ভক্তক দৰ্শন দিব।

পুৱা ৭ বজাত কেদাৰনাথ মন্দিৰ আৰু যমুনোত্ৰি ধাম মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোলা হয়।

আনহাতে দিনৰ ১২:২০ বজাত গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব।

প্ৰায় ১৩ৰ পৰা ১৫ ঘণ্টা ধৰি মন্দিৰৰ দুৱাৰ খোলা থাকিব।

ভক্তসকলে বাবা কেদাৰনাথৰ দৰ্শন কৰিব পাৰিব।

২০২৪ চনৰ ১৫ এপ্ৰিলৰ পৰা কেদাৰনাথ ধামলৈ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ হৈছে।

য’ত ৩ মে’ত অনলাইন পঞ্জীয়ন বন্ধ আছিল যদিও ৮ মে’ৰ পৰা ভক্তসকলৰ বাবে অনলাইন পঞ্জীয়নৰ সুবিধা আৰম্ভ কৰা হৈছে।

Leave A Reply