Breaking

আজি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ বোকাখাত ষ্টেডিয়ামত গঁড়ৰ খর্গ নিষ্পত্তিকৰণৰ কার্যসূচীত অংশগ্রহণ কৰে

0 2,029

আজি বিশ্ব গঁড় দিৱসত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গোলাঘাটৰ বোকাখাত ষ্টেডিয়াম গ্রাউণ্ডত অসমৰ গৌৰৱৰ প্রতীক ‘গঁড়’ সংৰক্ষণৰ দিশত এক বলিষ্ঠ পদক্ষেপ হিচাপে গঁড়ৰ খর্গ নিষ্পত্তিকৰণৰ কার্যসূচীত অংশগ্রহণ কৰে। গঁড়ৰ খর্গক লৈ বছৰ বছৰ ধৰি চলি অহা ভ্রান্ত ধাৰণাসমূহ দূৰ কৰি ইয়াৰ চোৰাং চিকাৰ ৰোধ কৰাত ই এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হ’ব। “গঁড়ৰ খর্গ ঔষধি গুণেৰে সমৃদ্ধ নহয়, বৰঞ্চ গৱেষণাই প্রমাণ কৰিছে যে মানুহৰ যেনেকৈ চুলি থাকে, তেনেকৈ গঁড়ৰ খর্গ হৈছে চুলিৰ এটা সমষ্টি মাথোঁ “ বুলি বক্তব্য আগবঢ়াই মুখ্যমন্ত্রীয়ে সকলোকে গঁড়ৰ খর্গ সম্পৰ্কীয় অলৌকিক কাহিনীক অগ্রাহ্য কৰি অসম গৌৰৱ ‘এশিঙীয়া গঁড়’ সংৰক্ষণত গুৰুত্ব দিবলৈ অনুৰোধ জনায়।

বিগত সময়ছোৱাত বিভিন্ন পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰা জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা কাজিৰঙাত এলিভেটেড পথ নিৰ্মাণ প্ৰকল্প সন্দৰ্ভত যো-জা চলাই থকা হৈছে বুলি জনোৱাৰ লগতে অসমবাসীৰ সহায়-সহযোগিতাত উক্ত প্ৰকল্প ৰূপায়ণত সফল হ’ব পাৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে ক’ভিডৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ অক্টোবৰৰ পৰা স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ সর্বতোপ্রকাৰৰ পদক্ষেপ লোৱাৰ লগতে হোটেলসমূহ নিয়মীয়াকৈ খোলা, যাত্ৰীসকলৰ বাবে কাজিৰঙা দৰ্শনৰ ব্যৱস্থা কৰা আৰু ছাফাৰীৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰা হ’ব বুলি বক্তব্য আগবঢ়ায়।

Leave A Reply