Breaking

আজি ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰ বাবে এটা বিশেষ দিন ! চন্দ্ৰযান -৩ ৰ সাফল্যৰ আঁৰৰ কাহিনী…

0 607

আজি ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰ বাবে এটা বিশেষ দিন। চন্দ্ৰৰ দক্ষিণ দিশত পোন প্ৰথমবাৰৰ বাবে কোনোবা দেশৰ মহাকাশযান সফলতাৰে আজি হয়তো অৱতৰণ কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ক ইয়াৰ বাবে অভিনন্দন তথা শুভকামনা জনালোঁ।

মহামানৱ এ পি জে আব্দুল কালামৰ Wings of Fire নামৰ আত্মজীৱনীখনত তেওঁ ISRO প্ৰতিষ্ঠাৰ সময়ৰ কথাখিনি বৰ ধুনীয়াকৈ লিখিছে। কেনেদৰে ড° বিক্ৰম চাৰাভাইৰ নেতৃত্বত ISRO আৰম্ভ হৈছিল, তেওঁলোকে কি কি অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই অসুবিধাবোৰ কেনেদৰে তেওঁলোকে দূৰ কৰিছিল।

এই মহান বিজ্ঞানীসকলে এসময়ত ৰোপন কৰা সেই সৰু গছপুলিটো বৰ্তমান এক বটবৃক্ষৰ ৰূপ লৈছে। এইয়া আমাৰ বাবে বৰ গৌৰৱৰ ক্ষণ। মই বিশ্বাস কৰোঁ যে এই সফলতাই অনাগত দিনত দেশত অনেক বিজ্ঞানীৰ জন্ম দিব যি ISRO ত কাম কৰিবলৈ পোৱাটো আটাইতকৈ গৌৰৱৰ বিষয় বুলি ভাবিব।

Leave A Reply