Breaking

আজি কৃষক দিৱস, বৰক্ষেত্ৰীৰ নাৰুৱাত কৃষি বিভাগৰ সজাগতা সভা…

0 46

আজি কৃষক দিৱস। ৫৪ নম্বৰ কেকান-কাপলাবড়ী গাঁও পঞ্চায়ত কাৰ্যালয়ত কৃষক দিৱস উপলক্ষে কৃষকৰ মাজত সজাগতা সভাৰ আয়োজন কৰা হয়। বৰক্ষেত্ৰী ৰামপুৰ কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ ADO জ্যোতিষ্মান শইকীয়াৰ উপস্থিতিত আয়োজিত সজাগতা সভাখনত কেকান- কাপলাবড়ী গাঁও পঞ্চায়ত এলেকাৰ অধীনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উপস্থিত থাকে।

কেকান কাপলাবড়ী গাঁও পঞ্চায়ত সচিব নুৰুল হুছেইন, কেকান কাপলাবৰী গাঁও পঞ্চায়ত সভাপতি অজিত চৈনাৰী, নাৰুৱা অঞ্চলৰ গাঁও প্ৰধান বীৰেন চন্দ্ৰ দাস, কালডি-বনপুৰা অঞ্চলৰ গাওঁবুঢ়া বৃষ্টিৰাম বড়ো, বৰতলা ডাকঘৰৰ IPPB ৰ কৰ্মচাৰী দিলবৰ ৰেজ্জাক কাপলাবড়ীস্থিত CSC তিলক বৰ্মণ প্ৰমুখ্যে ভালেমান লোক উপস্থিত থাকে।

Leave A Reply