Breaking

আজি ২০ জুন, ৰাভা দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাভা দিৱস…

0 298

আজি ২০ জুন, ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্য জুৰি পালন কৰা হয় ৰাভা দিৱস ৷ অসমৰ বিপ্লৱী শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত আৰু মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত৷

২০জুন ৰাভা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হয় বিভিন্ন সাস্কৃতিক অনুষ্ঠান। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়ৱাই থৈ গৈছে এই জনা মহান শিল্পীয়ে। এইগৰাকী বিশেষ ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এগৰাকী প্ৰসিদ্ধ গায়ক আছিল।তেখেতৰ গীতসমূহত মাতৃ প্ৰেম,দেশ প্ৰেম, প্ৰকৃতি আদি বিভিন্ন বিষয় দেখিবলৈ পোৱা যায় ৷ তেখেতৰ গীতসমূহ শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷

Leave A Reply