Breaking

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

0 24

নলবাৰীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ(NHM) উদ্যোগত চিকিৎসক দিৱস উপলক্ষে নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকসহ ভালে কেইগৰাকী সম্বৰ্ধনা জ্ঞাপন,গছপুলি ৰোপন ।।

১ জুলাই অৰ্থাৎ আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস । যিকোনো বেমাৰ-আজাৰত ভূগি থকা ৰোগীক নিস্বাৰ্থ ভাৱে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকলৰ কাৰণে আজিৰ এই দিনটো উৎসৰ্গিত । সেইমৰ্মে আজিৰ এই বিশেষ দিনটোত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন নলবাৰী গোটৰ তৰফৰ পৰা কাৰ্যসূচীত গ্ৰহণ কৰাত পৰিলক্ষিত হয় ।

নলবাৰীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফ্ৰাংচু,মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া তথা জিলা ধপাঁত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডা: কৈলাশ ডেকা,মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া মধু বৈশ্য, মুখ্য চিকিৎসক স্বাস্থ্য বিষয়া ডা: মহিতোজ বেনাৰ্জী, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা: দিলীপ কলিতা সহ ভালে কেইগৰাকী চিকিৎসকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নলবাৰী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা জিলা প্ৰৱন্ধক মিনাক্ষী বৰপূজাৰীয়ে চিকিৎসক কেইগৰাকী ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে এই বিশেষ দিনটো উপলক্ষে নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত গছপুলি ৰোপন কৰা হয় । আজিৰ এই কাৰ্যসূচীত নলবাৰী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া-কৰ্মীৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া সহ স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে ।

Leave A Reply