Breaking

আজি ক্ৰিকেটাৰ অৰ্শদীপ সিঙৰ জন্মদিন। কম বয়সতে বহু কৃতিত্ব অৰ্জন কৰিছিল অৰ্শদীপ সিঙে

0 76

কম সময়ৰ ভিতৰতে অৰ্শদীপ সিঙে নিজৰ নাম উজলাইছে। টিম ইণ্ডিয়াৰ হৈ বহুবাৰ ভাল প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু ইয়াৰ লগে লগে তেওঁক সমালোচনাও কৰা হৈছে।যোৱা এবছৰত যদি ভাৰতীয় দলৰ কোনো বলাৰৰ বিষয়ে সৰ্বাধিক আলোচনা হৈছে, তেন্তে সেয়া হ’ল বাওঁহাতৰ বেগী বলাৰ অৰ্শদীপ সিং। নিজৰ চোকা য়ৰ্কাৰে বিশ্ব ক্ৰিকেটত সুকীয়া পৰিচয় অৰ্জন কৰা অৰ্শদীপ সিঙৰ জন্ম হৈছিল ১৯৯৯ চনৰ ৫ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ গুনাত। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত হিমাচল প্ৰদেশৰ বিৰুদ্ধে পঞ্জাৱ দলৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিছিল ২৪ বছৰীয়া অৰ্শদীপ সিঙে।ইয়াৰ পিছত ২০১৯ বৰ্ষৰ আই পি এল ছিজনত পঞ্জাৱ কিংছৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল আৰ্শদীপ সিঙে। ইয়াৰ পৰাই তেওঁৰ ক্ৰিকেট যাত্ৰাই সম্পূৰ্ণ বেলেগ বিমান পালে আৰু ভাৰতীয় দলৰ ওচৰলৈ যোৱাৰ দুৱাৰো খোল খালে। আই পি এলৰ প্ৰথম ছিজনত অৰ্শদীপ সিঙে মাত্ৰ ৩খন মেচ খেলাৰ সুযোগ পাইছিল য’ত তেওঁ ৩টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল।

আই পি এল ২০২১ ছিজন অৰ্শদীপৰ বাবে অতি উত্তম আছিল য’ত তেওঁ পঞ্জাব কিংছৰ হৈ খেলি থকাৰ সময়তে ১২খন মেচত গড়ে ১৯টা উইকেটত মুঠ ১৮টা উইকেট দখল কৰাৰ লগতে পৰৱৰ্তী ছিজনত ১৪খন মেচত ১০টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে তেওঁ ভাৰতীয় দলত নিজকে স্থান দিবলৈ অহৰহ টোকৰ মাৰি আছিল।

২০২২ চনত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটোৱাৰ সুযোগ পাইছিল

২০২২ চনত অৱশেষত অৰ্শদীপ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে, য’ত তেওঁ ইংলেণ্ড ভ্ৰমণত খেলা টি-২০ ছিৰিজৰ প্ৰথমখন মেচ খেলে। এই মেচখনৰ প্ৰথম অভাৰতে মেডেন নিক্ষেপ কৰি আৰ্ছদীপে অভিলেখ বুকত নিজৰ নাম পঞ্জীয়ন কৰে। এই মেচখনত আৰ্ছদীপে মুঠ ২টা উইকেট দখল কৰি ৩.৩ অভাৰত ১৮ ৰান সংগ্ৰহ কৰে।

এদিনীয়া ফৰ্মেটত অভিষেক ঘটোৱাৰ বাবে অৰ্শদীপে বেছি সময় অপেক্ষা কৰিব নালাগিছিল আৰু ২০২২ চনতেই নিউজিলেণ্ড ভ্ৰমণত খেলা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত অভিষেক ঘটোৱাৰ সুযোগ পাইছিল অৰ্শদীপে। অৱশ্যে প্ৰথম মেচত ৮.১ অভাৰত বলিং কৰি কোনো উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল।

অৰ্শদীপ সিঙে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এতিয়ালৈকে ৩খন এদিনীয়া আৰু ২৬খন টি-২০ মেচ খেলিছে। য’ত তেওঁ এদিনীয়াত এটাও উইকেট পঞ্জীয়ন কৰা নাই, আনহাতে টি-২০ত তেওঁ এতিয়ালৈকে ৪১টা উইকেট দখল কৰিছে৷ অৰ্শদীপ সিঙে ৩৭খন মেচ খেলি এতিয়ালৈকে আই পি এলত ৪০টা উইকেট দখল কৰিছে।

Leave A Reply