Breaking

আজি শুভ মহালয়া, লোকে লোকাৰণ্য হৈ পৰিল ধুবুৰীৰ ৰাজপথ।

0 2,157

আজি শুভ মহালয়া। ইয়াৰ লগে লগেই ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। আজিৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিব সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ। আজি পৱিত্ৰ মহালয়া। দেৱী দূর্গাৰ আগমনৰ দিনা উৎসৱমুখৰ পৰিৱেশ ধুবুৰীৰ চৌদিশে। ধুবুৰী টাউন ক্লাৱৰ উদ্যোগত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত চণ্ডী পাঠৰ আয়োজন কৰা হয়। দেৱী বন্দনাৰে দেৱী দুৰ্গাক আদৰা হৈছে এইদৰে।সমান্তৰাল ভাৱে ধুবুৰীৰ হৰিসভা দুৰ্গাপূজা কমিটিৰ উদ্যোগত দেৱী দুৰ্গাক আদৰিবলৈ এক শোভাযাত্ৰা উলিওৱা হয় ধুবুৰী চহৰত। মুঠৰ ওপৰত মা দেৱী দূর্গাৰ আগমনৰ দিনা দেৱী বন্দনাৰে মুখৰিত হৈ পৰে সমগ্ৰ ধুবুৰী চহৰ।ধুবুৰী কালীবাৰী প্ৰাংগণত একেই উৎসৱ মুখৰ পৰিবেশ দেখিবলৈ পোৱা গল। যদিও চৰকাৰে বিভিন্ন নীতি নিদেৰ্শনা জাৰি কৰিছে তথাপিও দুটা বছৰৰ মুৰত দূৰ্গাপূজা আয়োজন ৰ যি পৰিবেশ ৰ সৃষ্টি হৈছে তাৰ পৰিপেক্ষিতত সাধাৰণ জনতা উৎফুল্লিত হৈ ওলাই আহিছে ৰাজপথলৈ।

Leave A Reply