Breaking

বৰ্তমান কেন্সাৰ ৰোগে মানৱ সমাজত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ! হালধি কেন্সাৰৰ বাবেও উপকাৰী…

0 38

ভাৰতীয়সকলে প্ৰায়ভাগ ব্যঞ্জন প্ৰস্তুত কৰোতে হালধি ব্যৱহাৰ কৰে। হালধি খাদ্যৰ ৰ্ং আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয়। আমাৰ স্বাস্থ্যৰ ওপৰতো হালধিৰ যথেষ্ট প্ৰভাৱ আছে। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

হালধিৰ বৈজ্ঞানিক নাম Curcuma domestica.ই Zingideraceae গোত্ৰৰ অন্তৰ্ভুক্ত। হালধিৰ উৎপত্তিস্থল দক্ষিণ-পূৱ এছিয় বুলি জনা যায়। ইংৰাজীত হালধিক Turmeric বোলে।

উদ্ভিদজোপাৰ মাটিৰ তলত বাঢ়ি অহা মূলাকাৰ কাণ্ড প্ৰধানকৈ ব্যৱহাৰ কৰা হয়। পুৰঠ ৰাইজ’মত শল্কপত্ৰ দেখা পোৱা যায়। এনে কাণ্ড শুকুৱাই গুড়ি কৰি অথবা কেঁচাই পটাত বটি আঞ্জাত ব্যৱহাৰ কৰিব পাৰি। থাইলেণ্ডত কেঁচা হালধিৰ ব্যৱহাৰ বেছি বুলি জনা যায়।

ভাৰতবৰ্ষত প্ৰায় ৪,০০০ বছৰৰ পূৰ্বৰ পৰাই হালধিৰ ব্যৱহাৰৰ কথা জনা যায়। ধৰ্মীয় অনুষ্ঠানতো হালধীৰ ব্যৱহাৰ বৈদিক যুগৰ পৰাই চলি আহিছে। বৰ্তমানো ধৰ্মীয় অনুষ্ঠানত হালধিৰ ব্যৱহাৰ বিদ্যমান।

হালধিৰ ঔষধি গুণ

  • হালধি বিষনাশক। শৰীৰৰ্ কোনো অংশ আঘাটপ্ৰাপ্ত হৈ বিষ হ’লে আৰু ফুলি উঠিলে কেঁচা হালধি পটাত বটি আঘাটপ্ৰাপ্ত অংশত বান্ধি দিলে উপশম পোৱা যায়। চীনাসকলে প্ৰসৱৰ পিছত প্ৰসৱ-বেদনাৰ পৰা সকাহ পাবলৈ বটা হালধি অভ্যন্তৰীণভাৱে ব্যৱহাৰ কৰে। তদুপৰি তেওঁলোকে ঋতুস্ৰাৱৰ দোষ আৰু ছালৰ বেমাৰতো হালধিৰ ব্যৱহাৰ প্ৰাকৃতিক চিকিৎসা পদ্ধতিত কৰে বুলি জনা যায়।
  • হালধি পেলুনাশক। পেটত হোৱা গেছ কমোৱাত সহায়ক। অভোক হ’লে হালধিৰ আৰ্থ্ৰাইটিছ, পেটৰ নানা ধৰণৰ সমস্যা, উচ্চ ৰক্তচাপ, যকৃত, গলব্লাডাৰৰ সমস্যাৰ বাবেও হালধি উপকাৰী।
  • ই এবিধ এণ্টি-অক্সিডেণ্ট। হালধিৰ ব্যৱহাৰে গাৰ ছাল উজ্জ্বল কৰে। প্ৰসাধন সামগ্ৰীত হালধিৰ ব্যৱহাৰ দেখা যায়। ইয়াক ৰক্তশোধক বুলিব পাৰি। শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত হালধি সহায়ক।
  • বহু ব্যক্তি পেটৰ এক সমস্যাত ভোগা দেখা যায়। ইয়াক Irritable bowel syndrome (IBS)বোলে।IBS ৰ বাবে হালধি উপকাৰী। Helicobacter pylori নামৰ বীজাণুৱে পেটৰ নানা সমস্যাৰ সৃষ্টি কৰে।

  • হালধীয়ে এই বীজাণুবিধ ধ্বংস কৰিব পাৰে। প্ৰতিদিনে তিনি গ্ৰাম কেঁচা হালধি খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। প্ৰতিদিনে তিনি গ্ৰাম কেঁচা হালধি খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। অৱশ্যে অতিমাত্ৰা সেৱন কৰিলে পেটৰ ঘা আলচাৰ কৰিব পাৰে।
  • বৰ্তমান কেন্সাৰ ৰোগে মানৱ সমাজত এক ভয়াৱহ ৰুপ ধাৰণ কৰিছে। হালধি কেন্সাৰৰ বাবেও উপকাৰী। প্ৰকৃতাৰ্থত হালধিয়ে শৰীৰক বিষ মুক্ত কৰে।
  • হালধি কাহ, কফ, টনছিলৰ সমস্যাৰ বাবেও উপকাৰী। সুৰাপান কৰাৰ ফলত যকৃত ৰুগীয়া হ’লে হলাধিয়ে যকৃতৰ ৰুগীয়া কোষ সজীৱ কৰাত অৰিহণা যোগায়।
  • বিজ্ঞানীসকলে কৰা গৱেষণাৰ পৰা জনা গৈছে যে ২-৩ গ্ৰাম কেঁচা হালধিৰ সেৱন ২-৩ মাহ কৰাৰ পিছত পেটৰ ঘা (আলচাৰ) ৭৫ শতাংশ হ্ৰাস হৈছে। কেঁচা হালধি, আদা আৰু ক’লা জালুক মিহলাই পৰিমিত পৰিমাণত সেৱন কৰিলে পেটৰ ক্ৰিয়া সবল আৰু সক্ৰিয় হয়।
  • মুঠতে আঞ্জাত ব্যৱহাৰ কৰাৰ উপৰি কেঁচা হালধিৰ নিয়মিত ব্যৱহাৰে নানা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

ড০ মঞ্জুৰাণী দেৱী

Leave A Reply