Breaking

কাইলৈৰ পৰা বৃদ্ধি হ’ব একাধিক ঔষধৰ মূল্য!

0 2,034

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা গ্ৰাহকসকলে এতিয়াৰে পৰা আগতকৈ অধিক মূল্যত ক্ৰয় কৰিব লাগিব ঔষধ। ১ এপ্ৰিলৰ পৰা বহুতো অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ’ব। লগতে ব্যয়বহুল জ্বৰ-কাহ আৰু বিষৰ চিকিৎসাৰো। যিসমূহ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে সেইসমূহ ঔষধক অত্যাৱশ্যকীয় ঔষধৰ শ্ৰেণীত ধৰা হয়। আৰু লগতে ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ অধীনতো পৰে। এণ্টিবায়টিক, চৰ্দি-কাহৰ ঔষধ, কাণ-নাক আৰু ডিঙিৰ ঔষধ, এণ্টিচেপ্টিক, গেছৰ ঔষধ আৰু এণ্টিফাংগাল ঔষধৰ লগতে ৮০০ৰো অধিক ঔষধৰ মূল্য বৃদ্ধি হ’ব। এই ঔষধসমূহৰ মূল্য ১ এপ্ৰিলৰ পৰা ১০.৭৬ শতাংশ বৃদ্ধি পাব।

জ্বৰৰ বাবে আটাইতকৈ ব্যৱহৃত পেৰাচিটামলও এতিয়া হ’ব ব্যয়বহুল। এজিথ্ৰোমাইচিন, এণ্টি-এনিমিক প্ৰিচাপ্ৰেচন আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত খনিজ পদাৰ্থ আদিৰো অন্তৰ্ভুক্ত কৰা হ’ব। ঔষধৰ মূল্য বৃদ্ধিৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে – পাইকাৰী মুদ্ৰাস্ফীতি। তথ্য অনুসৰি, পাইকাৰী মুদ্ৰাস্ফীতিৰ ওপৰত আধাৰিত পাইকাৰী মূল্য সূচক (ডব্লিউপিআই) এবছৰ আগৰ তুলনাত ২০২১চনত ১০.৭৬ শতাংশ সলনি হৈছে।কাৰ্ডিঅ’-ভাস্কুলাৰ, ডায়েবেটিচ, এণ্টিবায়টিক, এণ্টি-ইনফেকটিভ আৰু ভিটামিন আদি প্ৰস্তুত কৰিবৰ বাবে বেছিভাগ ফাৰ্মা উপাদান চীনৰ পৰা আমদানি কৰা হয়, আৰু এই সমূহ কেঁচা সামগ্ৰীৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা ৮০-৯০%। ২০২০চনত চীনত মহামাৰী বিয়পি পৰাৰ পিছত, ব্যাপক পৰিমাণৰ যোগান ব্যাহত হোৱাৰ বাবে ঘৰুৱা কোম্পানীবোৰে কেঁচা সামগ্ৰী সমূহ অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছিল। যাৰ প্ৰভাৱ বৰ্তমান দেশৰ জনসাধাৰণে ভুগিবলগীয়া হৈছে।

Leave A Reply