Breaking

টংলাত আটছাৰ প্ৰতিষ্ঠা দিবস

0 1,130

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি  ২৮ডিচেম্বৰত  ওদালগুৰি জিলাৰ টংলাত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে আটছাৰ সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি  ড: দিলীপ বৰুৱাই। আটছাৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণাই উদ্বোধন কৰা উক্ত সভাত প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা  স্মৃতি গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই চাহ জনজাতিৰ লোক সকলে অসমৰ উত্তৰণত এক উল্লেখযোগ্য অবদান আগবঢ়াইছে বুলি উল্লেখ কৰে । বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই সুশীল কুৰ্মীৰ ‘অসমৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থখন  উন্মোচন কৰি আটছাই সংগ্ৰামৰ মাজেৰে জাতিটোৰ উত্তৰণ ঘটাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ।

জনগোষ্ঠীটোৰ নতুন প্ৰজন্মৰ মাজত পঠনৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত এই গ্ৰন্থই কিছু হ’লেও সহায় কৰিব বুলি তেওঁ আশা পোষণ কৰে । ‘মাংৰী ওৰাং’ শীৰ্ষক আন এখন গ্ৰন্থ উন্মোচন কৰি বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও এক দীঘলীয়া সংগ্ৰামৰ মাজেৰে আটছাই নিজৰ জাতিটোক আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰে । চাহ জনজাতিৰ লোক সকলে  বাগান এলেকাৰ পৰা বহি:জগতলৈ ওলাই আহি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ সপোন দেখিব লাগিব বুলি মন্তব্য কৰি দৈমাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰ খনে চাহ জনজাতিৰ লোক সকলৰ বাবে শিক্ষা, যাতায়ত, পানী যোগানকে ধৰি ভালেমান দিশত বহুতো উন্নয়নমূলক কাম কৰিছে । সাংসদ দিলীপ শইকীয়াই জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে ভাজপা চৰকাৰে সাত খনকৈ উপ সমিতি গঠন কৰাৰ কথা উল্লেখ কৰে । চাহ জনজাতি সকলৰ জনজাতি কৰণৰ দিশটোও চৰকাৰে গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰি আছে বুলি সাংসদ শইকীয়াই চাহ জনজাতি সকলে জনাই অহা জনজাতিৰ মৰ্যাদা প্ৰদান , ভূমিৰ আবন্টন আদি দাবী সমুহৰ প্ৰতি এ জে ৱাই চি পিৰ পূৰ্ণ সমৰ্থন থকাৰ কথা ব্যক্ত কৰি ছাত্ৰ নেতা গৰাকীয়ে এই দাবী সমুহ শীঘ্ৰে পূৰণৰ বাবেও চৰকাৰৰ ওচৰত দাবী তোলে ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই সভাত মুখ্য অতিথিৰূপে ভাগ লৈ কয় যে চাহ জনজাতি সকলৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা । সেয়ে আছুই চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে খোজত খোজ মিলাই, হাতত হাত থৈ, কান্ধত কান্ধ মিলাই কাম কৰি যাব ।  অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ চাহ জনজাতিৰ অগণন লোকৰ সমাবেশেৰে লোকেলোকাৰণ্য হৈ পৰা মুকলি সভাত আটছাৰ প্ৰাক্তন সাধাৰণ সম্পাদক , বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লব লোচন দাস, সঞ্জয় কিষাণ, বিধায়ক কৃষ্ণ কমল তাতী, এবছুৰ সভাপতি দ্বীপেন বড়ো,  আৰছুৰ সভাপতি নৃপেন খাণ্ডা, আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন চেত্ৰী,  সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়াকে ধৰি ভালে সংখ্যক জনগোষ্ঠীয় ছাত্ৰ নেতাৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । 

Leave A Reply