Breaking

টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঘৰে ঘৰে জাতীয় পতাকা…

0 1,570

ভাৰতৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ পূৰ্তি উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ” ঘৰে ঘৰে জাতীয় পতাকা “কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ ৰাজ্যজুৰি প্ৰস্তুতি তুংগত উঠাৰ সময়তে আজি ওদালগুৰি জিলাৰ অন্যতম শৈক্ষিক বাণিজ্যিক ,বৌদ্ধিক নগৰ টংলাতো বিপুল হৰ্ষ ধ্বনিৰে বাজি উঠিল হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী।পুৱা ৮ বজাত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডঃ দিলীপ কুমাৰ বৰুৱাই শুভ উদ্বোধন কৰি ঘৰে ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ হ’লে ৰাইজৰ সহযোগিতা লাগিব।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে আয়োজন কৰা “ঘৰে ঘৰে জাতীয় পতাকা “শীৰ্ষক সজাগতা অভিযানত আহকচোন আমিও অংশগ্ৰহণ কৰো।তাৰে ফলশ্ৰুতিত আজি আমি টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী ,প্ৰায় ১৩ শ ল’ৰা -ছোৱালীয়ে অংশগ্ৰহণ কৰা সজাগতা ৰেলীৰে চৰকাৰৰ আহ্বানক সঁহাৰি জনালো বুলি জানিবলৈ দিয়ে।প্ৰখৰ ৰ’দকো নেওচি শ শ ছাত্ৰ -ছাত্ৰী ,শিক্ষক কৰ্মচাৰীয়ে হৰ ঘৰ ত্ৰিৰংগা ,বন্দে মাতৰম ,ভাৰত মাতা কী জয় মহান শ্লোগানেৰে টংলাৰ আকাশ বতাহ মুখৰিত কৰি পদব্ৰজে কৰা সজাগতা ৰেলীৰে সফল সামৰণি পৰা কাৰ্যসূচীত প্ৰাক্তন উপাধ্যক্ষ তৰুণ বৰুৱা, শিক্ষক দিগন্ত কলিতা, দেবাশিস ঘোষ ,কনক কছাৰী আৰু শিক্ষয়িত্ৰী স্বপ্না কাকতিয়ে নেতৃত্ব বহন কৰে ।

Leave A Reply