Breaking

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাক লৈ টংলা আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিবাদ…

0 48

ছেবাই ছাত্র -ছাত্ৰীসকলক লৈ বাৰে বাৰে হেতালি খেলা কাৰ্যক কেতিয়াও সহ্য কৰা নহব, ছেবাৰ এই কাণ্ডক ছাত্র সন্থাই কঠোৰভাৱে গৰিহণা দিছো মন্তব্য কৰে ।উক্ত কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক শাস্তি দিব লাগে বুলি আজি টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপৰি প্ৰাঞ্জল ডেকাই প্ৰতিবাদী কার্যসূচীত ব্যক্ত কৰি কয়।আজি টংলা আঞ্চলিক ছাত্র সন্থাই সভাপতি প্ৰাঞ্জল ডেকা ,সম্পাদক ৰিংকু ডেকাৰ নেতৃত্বত মঙ্গলদৈ- ভূতিয়াচাং পথৰ টংলা চহৰৰ মাজ- মজিয়াত হাতে হাতে প্লে কাৰ্ড লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান আৰু অসমীয়া প্ৰশ্ন কাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল হোৱা কাণ্ডক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাত সমগ্ৰ অসমতে ছাত্র -ছাত্ৰী সকলে বিভ্ৰান্তত পৰিছিল যাৰ ফলত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছিল।


এই সংক্ৰান্তত আজি টংলা আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে পুত্তলিকা ওলমাই ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছেবাৰ কাণ্ডকাৰখানাক ধিক্কাৰ দিয়ে।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্র সন্থাই শিক্ষামন্ত্ৰী ৰণোজ পেগু ,ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা ,ছেবাৰ অধ্যক্ষ ৰমেশ কুমাৰ জৈনক এনে হঠকাৰী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply