Breaking

মাজবাটৰ লাল পানীত চোৰাং বল্ডাৰসহ টেক্টৰ জব্দ

0 1,028

ওদালগুৰি জিলাৰ ৰৌতা চক্ৰ আৰক্ষী সংমণ্ডল পৰিদৰ্শক‌‌‌ কাৰ্যালয় তথা  মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত  লাল পানীত  ৬ জুলাই মঙলবাৰে  মাজবাট বন বিভাগে চোৰাং ভাৱে বল্ডাৰ কঢ়িয়াই অনা এখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।  জনামতে  ,মাজবাট বনাঞ্চলিক কাৰ্যালয়ৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত যোৱা এটি বন কৰ্মীৰ দলে  নম্বৰ বিহীন বল্ডাৰ কঢ়িয়াই অনা টেক্টৰ জব্দ কৰে । অৱশ্যে  আগতিয়াকৈ বন কৰ্মীৰ দলটোক দেখা পাই  ড্ৰাইভাৰজনে  ট্ৰেক্টৰখন এৰি পলায়ন কৰে।  বল্ডাৰ ভৰ্তি টেক্টৰ খন মাজবাট বনাঞ্চলিক কাৰ্যালয়লৈ আনি বন আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বিট অফিচাৰ মিন্টু বড়োই ।

Leave A Reply