Breaking

ভূমিনীতি প্ৰত্যাহাৰৰ দাবীত তিনিচুকীয়াত ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ।

0 988

তিনিচুকীয়া : মোদীৰ নতুন আক্ৰমণ প্ৰতিহত কৰিবলৈ শ্ৰমিক শ্ৰেণী আকৌ গৰজি উঠিছে, এই মন্তব্য কৰিছে ট্ৰেড ইউনিয়ন যৌথ মঞ্চই। আজি ৩ জুলাইত ভাৰতৰ দহটা ট্ৰেড ইউনিয়নে, আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ আভুৱা ভৰা শ্ল’গানৰ আঁৰত ব্যক্তিগতকৰণৰ নীতিৰে অৰ্থনৈতিক সাৰ্বভৌমত্ব বিসৰ্জন দিয়াৰ লক্ষ্যত সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰাৰ বাবে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন(UAPA) প্ৰণয়ন কৰি আৰু সমূহ (৪১টা) শ্ৰম আইন বিলুপ্ত কৰি সমাজৰ আটাইতকৈ সংগঠিত আৰু সংগ্ৰামী শ্ৰমিক শ্ৰেণীৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিছে। কিছুদিন পূৰ্বে প্ৰধামন্ত্ৰীয়ে লকডাউন প্ৰত্যাহাৰ কৰি তলা খোলাৰ ঘোষণাৰ আঁৰৰ আচল উদ্দেশ্য যে পৰ্যায়ক্ৰমে এটা এটাকৈ ৰাজহুৱা খণ্ড- কয়লা খণ্ডৰ ৪১টা খনি, ৰেল, তেল (Bharat Heavy Electrical Ltd.), ছেইল(Steel Authority of India Ltd), বিএচএনএল, পাৱাৰ, প্ৰতিৰক্ষা, বেংক বীমা আদিৰ ব্যক্তিগতকৰণৰ চূড়ান্ত ৰূপ দিয়াহে এই আচল ৰহস্যটো আজি পোনপটীয়াকৈ ফাদিল হৈছে। কেৱল সেয়াই নহয়, অতি স্পৰ্শকাতৰ আৰু ৰণনৈতিক দিশত গুৰুত্বপূৰ্ণ মহাকাশ গৱেষণা আৰু আনকি শক্তি প্ৰকল্পও বিক্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে জাতীয়/ৰাষ্ট্ৰীয়কৰণ (Nationalisation)ক লকডাউন আৰু ব্যক্তিগতকৰণক তলাখোলা (Unlocking) বুলি অভিহিত কৰিছে। কয়লা খণ্ডৰ নিলামত বিক্ৰীৰ কথা প্ৰকাশ হোৱাৰ লগে লগে শক্তি প্ৰয়োগৰে ভূমি অধিগ্ৰহণ, স্থায়ী অধিবাসীৰ স্থানচ্যুতি, প্ৰকৃতিৰ ধ্বংস সাধন, জৈৱ বৈচিত্ৰ্যৰ বিৰাট ক্ষতিসাধন আদি আসন্ন বিপদৰ বিৰুদ্ধে কয়লা শ্ৰমিকৰ ২, ৩ আৰু ৪ জুলাইৰ সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান দিছে। ঝাৰখণ্ড চৰকাৰেও কয়লাখনিৰ ব্যৱসায়ীকৰণ/ব্যক্তিগতকৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আনহাতেদি প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰত গ্ৰহণ কৰা পূৰ্বৰ ৪৯%ৰ ঠাইত এতিয়া ৭৪% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বিৰুদ্ধে প্ৰতিৰক্ষা শ্ৰমিকেও অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ প্ৰস্তুতি চলাইছে। মোদী চৰকাৰৰ আক্ৰমণৰ সন্মুখত প্ৰতিআক্ৰমণ সংগঠিত কৰিবলৈ শ্ৰমিক শ্ৰেণীয়ে দেশজোৰা প্ৰস্তুতি শক্তিশালী কৰাৰ লক্ষ্যতে আজিৰ দেশজোৰা প্ৰতিবাদ দিৱসৰ কাৰ্যসূচী অংশ হিচাপে ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ হৈ তিনিচুকীয়াৰ থানা চাৰিআলিত আজি বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ব্যক্তিগতৰকৰণৰ নীতি প্ৰত্যাহাৰ, অসমৰ ৰাইজ-বিৰোধী নতুন ভূমিনীতি তথা উদ্যোগনীতি প্ৰত্যাহাৰ, চাহ শ্ৰমিকক লকডাউন কালৰ সম্পূৰ্ণ ৰেচন আৰু মজুৰি আদায় দিয়া, অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা আৰু পেট্ৰ’ল ডিজেলসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ৰোধ কৰিবলৈও দাবী জনোৱা হয়।

Leave A Reply