Breaking

ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ সীমাবদ্ধতা আৰোপ

0 2,063

পথ দুৰ্ঘটনাৰ তথ্য পৰ্যালোচনা কৰিল্ দেখা যায় যে ২০১৯ৰ বছৰটোত অসমত ৮২৫০টা পথ দুৰ্ঘটনা সংঘটিত হয়। একেদৰে ২০২০ত ৬৫৯৩টা আৰু ২০২১ত(৩১ জুলাইলৈকে ) ৪৩২৮ টা পথ দুৰ্ঘটনা সংঘটিত হয়। আনহাতে, ২০১৯ত পথ দুৰ্ঘটনাত ৩২০৭ জনৰ, ২০২০ত ২৬২৯ জনৰ আৰু ২০২১ (৩১ জুলাইলৈকে)-ত ১৭৮৯জন লোকৰ মৃত্যু হয়। পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে পথ দুৰ্ঘটনাৰ প্ৰধান কাৰণ হৈছে অধিক বেগত গাড়ী চলোৱা ৷ অসমত ২০১৮ৰ মুঠ দুৰ্ঘটনাৰ ৫৪.৭০শতাংশৰ কাৰণ অত্যধিক বেগ ৷ একেদৰে ২০১৯ত অসমত সংঘটিত ৮৪.৪০ শতাংশ দুৰ্ঘটনাৰ কাৰণ অতিৰিক্ত বেগ। ইয়াৰ বিপৰীতে ২০১৯ত ৰাষ্ট্ৰীয় ভিত্তিত ৭১.১০শতাংশ পথ দুৰ্ঘটনাৰ কাৰণ আছিল যান-বাহনৰ অত্যধিক বেগ।পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা বিবৃতিত কয়, “ ২০২০ত পথ দুৰ্ঘটনাত ২৬২৯টা মৃতৰ ঘটনাৰ ৭৫.৩০ শতাংশৰ কাৰণ যানবাহনৰ অত্যধিক বেগ আছিল ৷ অথচ ক’ভিড মহামাৰীৰ বাবে যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছিল ৷ পথ দুৰ্ঘটনাত মৃত এই ২৬২৯ জন ব্যক্তিৰ ভিতৰত ৪৮শতাংশৰ মৃত্যু অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাৰ ফলত হয় ৷ সেয়ে ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে ৷“ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগত সীমাবদ্ধতা আৰোপৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এন এইচ এ আই)-এ লয়, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে নলয়৷ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০-১০০ কিলোমিটাৰৰ ভিতৰত কৰা হৈছে ৷ দুৰ্ঘটনাপ্ৰৱণ, দুৰ্ঘটনাৰ দিশৰ পৰা স্পৰ্শকাতৰ আৰু ‘ব্লেক স্পট’ সমূহত গতিবেগৰ সীমা তললৈ নামিব ৷ কিন্তু আন স্থানসমূহত যান-বাহনে ঘণ্টাত এশ কিলোমিটাৰ পৰ্যন্ত গতিবেগত চলাচল কৰিব পাৰিব ৷ এন এইচ এ আয়ে লোৱা সিদ্ধান্ত মৰ্মে জৰিমনা বিহা হৈছে ”, পাটোৱাৰীয়ে লগতে কয় ৷

ৰাজ্যখনত পথ দুৰ্ঘটনা তথা দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাসৰ উদ্দেশ্য যান-বাহনৰ গতিবেগ ট্ৰেফিক ইণ্টাৰচেপ্টৰ বাহনৰ জৰিয়তে নিৰীক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ এন এইচ এ আই আৰু লোক নিৰ্মাণ বিভাগ (পি ডব্লিউ ডি)-এ ঘাইপথসমূহৰ বিভিন্ন স্থানত আৰু ৰাজ্যিক পথসমূহৰ দুৰ্ঘটনাপ্ৰৱণ স্থানত যান-বাহনৰ গতিবেগ সীমাৱকৰণৰ ফলক অঁৰাৰ ব্যৱস্থা কৰিছে ৷

এনে যানবাহনৰ গতিবেগ সীমাবদ্ধকৰণৰ ফলক স্কুল, হাস্পতাল, ব্যস্ত বজাৰ অঞ্চল, পথৰ সংযোগস্থল, টি এণ্ড ৱাই সংযোগস্থল, চাৰিআলি আদিতো লগোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

এই কথা উল্লেখ কৰাটো প্ৰাসংগিক হ’ব যে কেৱল কেতবোৰ নিৰ্দিষ্ট স্থানতহে যান-বাহনৰ গতিবেগত সীমাবদ্ধতা আৰোপ কৰাটো প্ৰযোজ্য হৈছে ৷ সমগ্ৰ পথ নেটৱৰ্কৰ ক্ষেত্ৰত কৰা হোৱা নাই ৷

যোৱা মাহৰ পৰা এই গতিবেগ সীমাৱদ্ধকৰণ আৰু অতিৰিক্ত বোজা কঢ়িওৱা গাড়ীক লৈ গ্ৰহণ কৰা ব্যৱস্থাৱলী কাৰ্যকৰী কৰা হৈছে ৷ এনে ব্যৱস্থা গ্ৰহণৰ ফলত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস পাইছে ৷

ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগৰ ওপৰত আৰোপিত এই সীমাবদ্ধতা মানি চলিবলৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগক যান-বাহনৰ গতিবেগত সীমাৱদ্ধতা বলবতৰ ক্ষেত্ৰত সহযোগ কৰি মূল্যবান জীৱন ৰক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি মন্ত্ৰী পাটোৱাৰীয়ে অনুৰোধ জনাইছে ৷

Leave A Reply