Breaking

মৰ্মান্তিক! বিয়াৰ দিনাই পথ দুৰ্ঘটনাত নিহত দৰা-কইনা…

0 93

এক মৰ্মান্তিক ঘটনা৷ বিয়াৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দৰা-কইনা৷ সংসাৰ কৰাৰ সপোন তেওঁলোকৰ পূৰণ নহ’ল৷ বিয়াৰ দিনাই এক ভয়ংকৰ পথ দুৰ্ঘটনাত দৰা-কইনাৰ লগতে আন পাঁচ জন লোকৰ মৃত্যু ঘটে৷ বিয়াৰ সকলো আনন্দ মুহূৰ্ততে নাইকিয়া হৈ গ’ল।ছত্তীশগড়ত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বালোদা গাঁৱৰ বাসিন্দা শুভম চোনীয়ে শিৱৰিনাৰায়ণ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। শনিবাৰে বিবাহ অনুষ্ঠানৰ পিছত দৰা-কইনাই আজি পুৱা বালোদালৈ ৰাওনা হৈছিল। আন বহু লোক তেওঁলোকৰ সৈতে আছিল। কিন্তু দৰা-কইনাৰ লগতে আন পাঁচ জন লোকে ঘৰলৈ উভতি আহিব নোৱাৰিলে৷ পথত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ প্ৰাণহানি ঘটে৷


বাতৰি অনুসৰি দেওবাৰে পুৱতি নিশা বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে দৰা-কইনা উঠি যোৱা গাড়ী খনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। গাড়ীখনত থকা চাৰিজন লোকৰ ঘটনাস্থলীত মৃত্যু হয়। তেওঁলোকৰ ভিতৰত আছিল কইনা গৰাকী আৰু তেওঁৰ দেউতাক। দৰা শুভমক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ কিন্তু চিকিৎসাৰ সময়তে তেওঁ মৃত্যুৰ কোলাত ঢলি পৰে৷

আৰক্ষীয়ে জনোৱা অনুসৰিদুৰ্ঘটনাটো পাকাদিয়া অঞ্চলত সংঘটিত হৈছে। নৱদম্পতিৰ ফৰ্ড টাইটেনিয়াম গাড়ীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাটো সংঘটিত কৰা গাড়ী খনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমান তেওঁক বিচাৰি আছে।

Leave A Reply