Breaking

চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

0 19

চাপৰৰ বহলপুৰত মৰ্মান্তিক ঘটনা। চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ। মৃত যুৱক গৰাকী বহলপুৰ বৰপাৰা ২য় খণ্ড গাঁৱৰ বাসিন্দা যোগেশ্বৰ ৰায় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিয়লি ভাগত চম্পাৱতী নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় যুৱকজন।


যুৱকজনক কিছু সময় পিছত বহলপুৰ শেগুনঝাৰী স্থিত চম্পাৱতী নৈত ওপঙি থকা অৱস্থাৰ পৰা ৰাইজে উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সৰ যোগেদি চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ আহে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে, ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে।

Leave A Reply