Breaking

তামাৰহাটত মৰ্মান্তিক ঘটনা : মাতৃৰ অবৈধ সম্পৰ্কৰ বাবেই চিপলৈ আত্মহত্যা কৰিলে দশম শ্ৰেনীত অধ্যয়নৰত কন্যাই

0 1,316

তামাৰহাট, ১৭ নৱেম্বৰ : অন্য পুৰুষৰ লগত মাতৃৰ অবৈধ সম্পৰ্কই কাল হল দশম মান শ্ৰেনীত অধ্যয়নৰত ছাত্ৰী বৰ্ণালী ৰায়ৰ । নিজ মাতৃৰ কুকৰ্ম সহিব নোৱাৰি চিপলৈ আত্মহত্যাৰ দৰে কঠিন পথ বাচি ললে ১৬বছৰীয়া কন্যাই । এনে এক মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ তামাৰহাটত । ঘটনাৰ বিৱৰণী মতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মধ্যপেটলা গাঁওৰ বাসিন্দা সুনীল ৰায় কৰ্মসূত্ৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত থাকে । সুনীল ৰায় ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি একেখন গাঁওৰ বাসিন্দা বজৰুল শ্বেখ নামৰ বিবাহিত ব্যাক্তি জনে সুনীলৰ ঘৈনীয়েক কনিকা ৰায়ক ফুচুলাই অবৈধ প্ৰেমৰ সম্পৰ্ক গড়ি তোলে । লম্পট চৰিত্ৰৰ বজৰুল শ্বেখে কনিকা ৰায়ৰ লগত অবৈধ শাৰীৰিক সম্পৰ্কতো লিপ্ত হয় । মাতৃৰ এনে কু-কৰ্ম নিজ চকুৰে দেখি সুনীল ৰায় আৰু কনিকা ৰায়ৰ প্ৰথমা কন্যা তথা শাতশেওৰা কল্যানকামী হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী বৰ্ণালী ৰায়(১৬) অতিষ্টহৈ বজৰুল শ্বেখক তেঁওলোকৰ ঘৰলৈ আহিবলৈ বাৰম্বাৰ মানা কৰিছিল । পিছলৈ কনিকা ৰায় আৰু বজৰুলৰ অবৈধ সম্পৰ্কৰ মাজত হেঙাৰ হৈ পৰা বৰ্ণালীক মাতৃ কনিকা আৰু অবৈধ প্ৰেমিক বজৰুলে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে । কিন্তু তাতে ক্ষান্ত নাথাকি চৰিত্ৰহীনা মাতৃ কনিকা ৰায় আৰু অবৈধ প্ৰেমিক লম্পট বজৰুলে বৰ্ণালীক নানা ধৰণে দাবি-ধমকি দি কু কৰ্ম চলাই থাকিল । নিজ মাতৃৰ উক্ত অনৈতিক কাৰ্য্য সহ্য কৰিব নোৱাৰি দুৰ্ভগীয়া কণ মানি বৰ্ণালী ৰায়ে কালি ঘৰত কোনো নথকাৰ সুযোগতে ঘৰৰ ভিতৰতে চিপলৈ আত্মহত্যা কৰে । স্থানীয় ৰাইজৰ পৰা ঘটনাৰ খবৰ পাই তামাৰহাট থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ বৰ্ণালীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বৰ্ণালীয়ে সমস্ত ঘটনা লিখি থৈ যোৱা এখন চুইছাইট টোকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দূৰ্ভগীয়া বৰ্ণালীয়ে লিখি থৈ যোৱা চুইছাইট টোকা খন উদ্ধাৰৰ পিছতে সকলো ঘটনা পোহৰলৈ আহে । পিছত আৰক্ষীয়ে তদন্ত ক্ৰমে লম্পট স্বভাৱৰ বজৰুলক আটক কৰি শোধা-পোচাৰ অন্তত আজি ধুবুৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে বৰ্ণালীৰ মৃত দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উক্ত হৃদয় বিদাৰক ঘটনাটোৱে বৃহত্তৰ তামাৰহাট আঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এটি নিষ্পাপ ফুল কুমোলীয়া কিশোৰীৰ জীৱন অকালতে নিশেষ কৰি পেলোৱা বজৰুলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় বিভিন্ন দল-সংগঠনে ।

Leave A Reply