Breaking

দৰঙত CRPF ৰ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি

0 1,034

কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী তথা CRPF ৰ উদ্যোগত দৰঙৰ ধূলাত এমহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। দৰঙৰ ধূলা CRPF কেম্পৰ অন্তৰ্গত বৃহত্তৰ ধূলা অঞ্চলৰ এশ গৰাকী যুৱক যুৱতীক এমহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ১৩৬ নং বেটেলিয়ানৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ আয়োজন কৰা শিবিৰৰ আজি সফল সমাপ্তিৰ ক্ষণত এখন অনুষ্ঠানৰ আয়োজন কৰে। শাৰীৰিক ব্যাম, অনুপ্ৰেৰণামূলক ক্লাছ, বক্তব্য শিকোৱাৰ পদ্ধতি আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়ে যুৱক যুৱতী সকলক। বিগত সময়বোৰৰ দৰে অৰ্ধসামৰিক বিভাগত যুৱক যুৱতী সকলক দেশৰ হকে আগুৱাই যাবলৈ এনেধৰণৰ গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

যত সম্পূৰ্ণ এমাহযোৰা প্ৰশিক্ষণ শিবিৰত বিশেষ ভাবে সহায় আগবঢ়াই ধূলা হাই স্কুলৰ শিক্ষক মহিবুৰ ৰহমানে। প্ৰশিক্ষণ শিবিৰৰ আজিৰ অন্তিম দিনত এখন অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠান খনত CRPFৰ শীৰ্ষ বিষয়া অজিৎ চাংগোৱানৰ উপস্থিতিত প্ৰতিগৰাকী প্ৰশিক্ষণাৰ্থীক একোখনকৈ মান পত্ৰ আৰু একোখন কৈ গাইড বুক প্ৰদান কৰে। আনহাতে অনুষ্ঠান খনত উপস্থিত থাকে CRPF ৰ বিভিন্ন পৰ্যায়ৰ বিষয়া ক্ৰমে অৰবিন বিষ্ট, ৰবিন সিং লাকৰা, বিজয় কুমাৰ মল্লিক,টি এইচ দেৱাজানী সহ প্ৰশিক্ষণ প্ৰাপ্ত যুৱক যুৱতীৰ প্ৰায় শতাধিক ৰাইজ। অনুষ্ঠান খনত বিভিন্ন ধৰণৰ গীত-মাত, নৃত্য আদি পৰিবেশন কৰে যুৱক যুৱতী সকলে। CRPF ৰ এনেধৰণৰ প্ৰশংসনীয় কামৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে সচেতন মহলে।

Leave A Reply