Breaking

বাক্সাৰ হৰহৰিয়াত উদ্যান শস্যৰ প্ৰশিক্ষণ আৰু কৃষি সমগ্ৰী বিতৰণ।

0 47

বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হৰহৰিয়াত আজি বিজ্ঞানসন্ম আৰু ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে এটি সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

সৰ্বভাৰতীয় সমন্বিত ফল গৱেষণা প্ৰকল্পৰ অধীনত জনজাতি উপ আঁচনি ( টি এছ পি )ৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ড. ভৱেশ ডেকা , বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিশেষজ্ঞ ৰক্তিম বৰুৱা আৰু প্ৰগতিশীল কৃষক তথা কৃষি সংগঠক পুষ্পধৰ দাসে যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনাই কৃষি ক্ষেত্ৰৰ যুৱ প্ৰজন্ম আগবাঢ়ি আহিলে কেৱল নিবনুৱা সমস্যা সমাধান হোৱাই নহয় অসমৰ চেহেৰাই সলনি হ’ব বুলি মন্তব্য কৰে ৷

উদ্যানৰ শস্যৰ ৰোপন প্ৰণালী , যতন , সাৰ – ঔষধ প্ৰয়োগ আদি সম্পৰ্কে উদ্যমী কৃষকসকলক পৰামৰ্শ আগবঢ়োৱা এই সজাগতা তথা সামগ্ৰী বিতৰণ অনুষ্ঠানত মালভোগ কল , ৰেড কেভেণ্ডিজ , টি -৯ জাতৰ উন্নত কলপুলি , থাইলেণ্ড বগৰিৰ পুলি , অমিতা , ৰঙালাউ ,তৰমুজৰ বীজ , স্প্ৰেয়াৰ ষন্ত্ৰ , পলি বেগ , মালচিং , চেদ নেট আদি প্ৰদান কৰা হয় ৷

Leave A Reply