Breaking

সোৱণশিৰি এফ পি অ’ৰ উদ্যোগত মিংমাঙত কৃষি গাহৰি মীন পালনৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা…

0 55

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী তথা কৃষি সংস্থা সোৱণশিৰি ফাৰ্মাৰ প্ৰডাকচন অৰ্গেনাইজেশ্বন চমুকৈ এফ পি অ’ৰ উদ্যোগত আজি এখনি কৃষিভিত্তিক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখৰ মিংমাং কঠালগুৰিস্থিত মৃৰং ঘৰত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ কৰ্মশালাত বিশেষভাৱে  কৃষি. গাহৰি পালন আৰু মীন পালনৰ ওপৰত উক্ত প্ৰশিক্ষণ কৰ্মশালাখন অনুষ্ঠিত হৈছিল ৷  প্ৰশিক্ষণ কৰ্মশালাখন সঞ্চালন কৰে এফ পি অ’ৰ সম্পাদক চিদানন্দ পেগুৱে ৷

ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষি, গাহৰি আৰু মীন পালনৰ ওপৰত বক্তব্য আগবঢ়াই গোগামুখস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ( বিশ্ববিদ্যালয়) অসম চমুকৈ আই চি এ আৰ’ৰ বিজ্ঞানী ড°  অৰ্পণ ভৌমিক, ড° সুনীল মাণ্ডী, ড° প্ৰভাত প্ৰামাণিক আদিয়ে ৷ তেওঁলোকে উক্ত কৰ্মশালাতে এফ পি অ’ক কৃষি আৰু পশুপালনৰ  সকলোধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলিও দোহাৰে ৷ প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকে  ধেমাজি জিলা মীন উন্নয়ন বিষয়া চিতলা চিন্তে, এফ পি অ’ৰ সভাপতি টেপুৰাম পেগু, উপসভাপতি নোমল পেগুৱে ৷

  প্ৰশিক্ষণ কৰ্মশালাত মুঠ ৮০  গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে আৰু ইয়াৰে ৬০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ এফ পি অ’ৰ তৰফৰ পৰা প্ৰদান কৰা হয় ৷ উল্লেখনীয়, ২০১৬ চনতে জন্ম লাভ কৰা এফ পি অ’ৰ মুঠ সদস্য সংখ্যা ৫১৫  গৰাকী ৷ এফ পি অ’ই ইতিমধ্যে বিভিন্ন ঠাইত  ভেটিভাৰ খেতি কৰিও নিৱনুৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিছে ৷ ভেটিভাৰ খেতি হৈছে অসমত নতুনকৈ আৰম্ভ কৰা অতি উন্নত শস্য ৷ বিশ্বৰ বজাৰত ভেটিভাৰ খেতিৰ মূল্য আকাশলংঘা ৷ সুগন্ধি প্ৰসাধন হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় ৷

Leave A Reply