Breaking

৭০ দিনত ১৮ খন দেশ ভ্ৰমণ : দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ পৰিকল্পনা

0 1,365

অনলাইন বাৰ্তা : এবাৰতে ১৮ খন দেশ ফুৰি আহিব পৰা ব্যৱস্থা ৷ মাত্ৰ ৭০ দিনৰ ভ্ৰমণ ৷ থাকিব পাৰিব পঞ্চ তাৰকা হোটেলত, আসন হ’ল বিজনেছ ক্লাছ ৷ এয়া কোনো বিমান যাত্ৰা নহয়৷ বাছ যাত্ৰা ৷ ভূমিত থকা পথেৰে যাত্ৰা৷ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য ৷ দিল্লীৰ পৰা লণ্ডন পৰ্যন্ত বাছ সেৱা ৷ যোৱা ১৫ আগষ্টত এই পৰিকল্পনাৰ কথা ঘোষণা কৰা হৈছিল ৷ তুষাৰ আৰু সঞ্জয় মাদান নামৰ দুজন লোকে মিলি স্থলপথেৰে লণ্ডন ফুৰাই আনিছিল ৷ তাৰ পাচত ‘বাছ টু লণ্ডন’ ব্যৱসায়ৰ কথা তেওঁলোকৰ মনলৈ আহে ৷ এই ভ্ৰমণৰ বিস্তাৰিত তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে ৷ বাছখন দিল্লীৰ পৰা লণ্ডনলৈ যাব ৷ মাজত থাকিব ১৬ খন দেশ ৷ ভাৰতৰ পৰা ম্যানমাৰৰ, থাইলেণ্ড, লাওছ, চীন, কিজিঘিস্তান, উজবেকিস্তান, কাজাখাস্থান, ৰাছিয়া, লাটবিয়া, লিথুৱানিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, জাৰ্মানী, নেডাৰলেণ্ড, বেলজিয়াম আৰু ফ্ৰান্স হৈ লণ্ডন পাবগৈ ৷ মাত্ৰ দহখন দেশৰ ভিছা লাগিব এই যাত্ৰাত ৷ সেয়া কোম্পানীটোৱে ব্যৱস্থা কৰি দিব ৷ বাছখনত মাত্ৰ ২০ খন আসনৰ ব্যৱস্থা থাকিব ৷ ২০ জন যাত্ৰীৰ লগতে থাকিব বাছৰ চালক, সহকাৰী চালক, এটেণ্ডেণ্ট আৰু গাইড ৷ গাইড সলনি হৈ থাকিব ৷ যিখন দেশ পাবগৈ সেই দেশৰ গাইড থাকিব ৷ এই ভ্ৰমণৰ বাবে চাৰিটা কেটেগৰীৰ পেকেজ স্থিৰ কৰা হৈছে ৷ যদি কোনোৱে লণ্ডন পৰ্যন্ত যাব নিবিচাৰে, তেতিয়া কেইখনমান দেশ ঘুৰি আহিব পাৰিব ৷ তেওঁলোক নিজৰ দায়িত্বত ঘুৰি আহিব লাগিব ৷ তাৰ বাবে খৰচ কম হ’ব ৷ কিন্তু যি সম্পূৰ্ণ ভ্ৰমণ কৰিব তেওঁৰ বাবে খৰচ হ’ব ১৫ লাখ টকা ৷ এবাৰত সেই টকা দিব নোৱাৰিলে ইএমআইৰ ব্যৱস্থা কৰিব পাৰিব ৷ মাহে মাহে কিস্তিৰ টকা দিব পাৰিব ৷ ক’ৰোনা সংক্ৰমণ কমিলে বাছ টু লণ্ডনৰ দ্বাৰা বিশ্ব দেখাৰ পৰিকল্পনা চলিব ৷

☞যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক’ কৰিব পাৰে।

Leave A Reply