Breaking

দেৰগাঁও খণ্ড বন বিষয়া কাৰ্যালয়ৰ সহযোগত বৃক্ষৰোপণ আৰু সজাগতা অভিযান

0 57

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে অক্লান্ত প্ৰচেষ্টা হাতত লৈছে বন বিভাগে।এই উপলক্ষে বৃহস্পতিবাৰে গোলাঘাট বন সংমণ্ডলৰ সৌজন্যত দেৰগাঁও খণ্ড বন বিষয়া কাৰ্যালয়ৰ সহযোগত লোৱা হয় বৃক্ষৰোপণ-চাফাই আৰু সজাগতা অভিযান।

খণ্ড বন বিষয়া গোলাপ সোনোৱালৰ নেতৃত্বত সামূহিক স্বাস্থ্য কেন্দ্ৰখনৰ চৌহদ আৰু ফুলৰ পাৰ্কখনত কৰা হয় চাফাই।

ইয়াৰ পিছতেই স্বাস্থ্য কেন্দ্ৰখনৰ নিৰ্দিষ্ট স্থানত কেইবাজোপাও মূল্যবান গছপুলি ৰোপণ কৰাৰ লগতে ৰাষ্ট্ৰীয় ফ’ৰলেণ্ডযুক্ত শান্তিপুৰৰ পথৰ দুয়ো কাষে প্ৰায় ২৪ জোপা বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে,চাৰিলেণ্ডযুক্ত ঘাইপথ নিৰ্মাণ কৰাৰ সময়ত পথৰ দুয়োকাষে থকা অঞ্চলটোৰ বহু গছ কাটি পথচোৱা বহল কৰি নিৰ্মাণ কৰাৰ পিছত পথৰ দুয়ো কাষে কোনো গছ নথকাত উক্ত স্থান সমূহত প্ৰাকৃতিক ভাবে সুন্দৰ কৰি গঢ় দিবলৈ সচেতন লোকক আহ্বান জনাইছে বন বিভাগে।

Leave A Reply