Breaking

ওদালগুৰিৰ লালপুলত ২৩ নম্বৰ এছ এছ বিৰ হেড কোৱাৰ্টাৰৰ তৰফৰ পৰা গছ পুলি ৰোপন কাৰ্যসূচী…

0 50

ওদালগুৰি জিলাৰ লালপুলত ২৩ নম্বৰ এছ এছ বিৰ হেড কোৱাৰ্টাৰৰ তৰফৰ পৰা গছ পুলি ৰোপন কাৰ্যসূচী। আজি ১৮ আগষ্টত ভাৰতৰ চৰকাৰ গৃহ বিভাগে সমগ্র ভাৰতবৰ্ষত গছ পুলি ৰোপন কৰি সেউজীকৰণৰ উদ্যশ্যৰে গৃহ বিভাগে যি পদক্ষেপ গ্রহণ কৰে । তাৰে অংশ স্বৰূপে আজি ৰাতিপুৱা ৯ মান বজাত ২৩ নম্বৰ এছ এছ বিৰ লালপুলস্থ হেডকোয়ার্টাৰৰ তৰফৰ পৰা লালপুলৰ সপ্তাহিক বজাৰৰ ওচৰে পাজৰে প্ৰায় তিন শতাধিক বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰা দেখা যায়। ২৩ নম্বৰ এছ এছ বিৰ হেড কোৱাৰ্টাৰৰ কামান্ডেট এছ কে আৱধীয়ায় সপ্তাহিক বজাৰ চৌহদত মূল্যৱান গছ পুলি ৰোপন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। অৱধীয়াই গছ পুলি ৰোপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰি জনসাধাৰণক কয় যে ‘পৃথিৱী খনক বায়ু মুক্ত কৰিবলৈ হ’লে প্ৰত্যেক জন লোকে গছ পুলি ৰোপন কৰক’।

লগতে আৰু কয় যে গছৰ পুলি ৰোপন কৰি দূষিত বায়ুৰ পৰা আপোনালোক বাচি থাকক। আজিৰ গছ পুলি ৰোপন কাৰ্য্যসূচীত উপস্থিত থাকে ২৩ নম্বৰ এছ এছ বিৰ সহ কামান্ডেট পভিন কুমাৰ, সহায়ক কামান্ডেট ৰজত পাণ্ডে,ইন্সপেক্টৰ গনেশ দাস, লালপুল হাইস্কুলৰ প্ৰধান শিক্ষক আবুল কালাম আজাদ,লালপুল মধ্য ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষক নিজামুদ্দিন আহামেদ, সহ শিক্ষক আছাদুল্লা হক চৌধুৰী ,লালপুল ভি চি ডি চিৰ সভাপতি সুনন্দ খাকলাৰী , লালপুল সপ্তাহিক বজাৰ কমিটিৰ লগতে বিদ্যালয়ৰ ছাত্র ছাত্রী মহিলা, সচেতন নাগৰিকে কাৰ্য্যসূচীত অংশগ্রহণ কৰে বুলি ২৩ নম্বৰ এছ এছ বিৰ জোৱান চন্দন যেতিয়াই জানিবলৈ দিয়ে।

Leave A Reply