Breaking

জনজাতীয় ছোৱালী মিন্নু মণিৰ বাবে চহকী পুৰস্কাৰ; WPL নিলামত নিৰ্বাচিত কেৰালাৰ এই একমাত্ৰ খেলুৱৈগৰকীৰ বিষয়ে জানেনে?

0 76

উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগ (Women’s Premier League চমুকৈ ডব্লিউ পি এল)ৰ নিলামৰ টেলিকাষ্ট চাই থাকোঁতে মিন্নু মণিৰ আশা ম্লান হ’বলৈ ধৰিলে যেতিয়া তেওঁ গম পালে যে ডাঙৰ ডাঙৰ তাৰকাবোৰ বিক্ৰী নোহোৱাকৈয়ে আছে।“বিখ্যাত খেলুৱৈক উপেক্ষা কৰিলে মোক কোনে কিনিব?” তাই মনতে ক’লে।

গতিকে তাই বহুত আচৰিত হ’ল যেতিয়া এটাতকৈ অধিক ফ্ৰেঞ্চাইজিয়ে তাইৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে। অৱশেষত দিল্লী কেপিটেলছে তাইক ৩০ লাখ টকাত ক্ৰয় কৰে।

ছিনিয়ৰ মহিলা আন্তঃমণ্ডলীয় এদিনীয়া প্ৰতিযোগিতাত চাউথ জ’নৰ হৈ খেলি থকা খেলুৱৈগৰকীয়ে ক’লে, “এয়া বহুত টকা, কিন্তু স্বীকৃতিটোৱেই গুৰুত্বপূৰ্ণ। যদিও মোৰ ডব্লিউ পি এলৰ অংশ হোৱাৰ আশা আছিল, তথাপিও নিলামৰ আৰম্ভণিতে মই প্ৰায় হাৰ মানিছিলোঁ৷”

২৩ বছৰীয়া অফ স্পিনিং অল ৰাউণ্ডাৰগৰাকীয়ে নিলামত যোৱাৰ সময়ত ভাল ফৰ্মত আছিল। দেওবাৰে অপৰাজিত ৭৪ ৰান সংগ্ৰহ কৰি হায়দৰাবাদত পশ্চিম মণ্ডলক পৰাস্ত কৰাত সহায় কৰে ছাউথ জ’নে।

কেৰালাৰ ৱায়ানাড জিলাৰ এগৰাকী জনজাতীয় ছোৱালী, তেওঁৰ ঘৰ পিছপৰা পটভূমিৰ। নিলামত বাছি লোৱা ৰাজ্যখনৰ একমাত্ৰ খেলুৱৈগৰাকীয়েই তাই।

মিন্নুৱে কয়, ‘যদিও মই হতাশ হৈছো যে কেৰেলাৰ আন খেলুৱৈসকলে স্থান লাভ কৰিব নোৱাৰিলে, তথাপিও মই সুখী যে আমাৰ মাজৰ এজন হ’লেও তাত আছে। “আৰু মই ৰোমাঞ্চিত যে মই জেমিমাহ ৰড্ৰিগেছ আৰু শ্বাফালি ভাৰ্মাৰ দৰে তাৰকাৰ সৈতে যোগদান কৰিম, যাৰ সৈতে মই ইতিমধ্যে খেলিছো।”

Leave A Reply