Breaking

বৰেণ্য শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

0 55

ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত উত্তৰ গুৱাহাটীৰ অগ্ৰণী সমাজ সাংস্কৃতিক সংস্হা জনকল্যান ছ’চাইটিৰ আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত আৰু প্ৰতিষ্ঠিত সংগীত বিদ্যালয় সংগীত সুৰভী উত্তৰ গুৱাহাটীৰ সহযোগত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সুধাকন্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই অনুষ্ঠানত সুধাকন্ঠ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী জয়ন্ত কুমাৰ নাথে,মাল্য অৰ্পণ কৰে জনকল্যান ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথ , সাংবাদিক উৎপল তামুলী, শিক্ষক গিৰিন্দ্ৰ কুমাৰ দাসৰ লগতে উপস্থিত ৰাইজে। উত্তৰ গুৱাহাটী অভয়পুৰৰ কৃষ্ণা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা সুধাকন্ঠ গৰাকীৰ এটি সমবেত সংগীতৰ দ্বাৰা আজিৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰা হয়।

সু-কন্ঠী গায়িকা কৃত্তিকা নাথে ভূপেন হাজৰিকা দেৱৰ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।আজিৰ এই অনুষ্ঠানত সদৌ অসম ভিত্তিত ক আৰু খ দুটা শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰানজীতা কৃষ্ণা তামুলী আৰু সা ৰে গা মা আৰ্ট অৱ মিউজিক একাডেমীৰ তত্তাবধায়ক মৌচুমী প্ৰভাত বড়াক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয। সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা বিচাৰক হিচাপে অংশগ্ৰহণ কৰে অসমৰ সংগীত জগতৰ প্ৰতিষ্ঠিত শিল্পী নিত্যানন্দ ডেকা আৰু অসীম জ্যোতি বৰুৱাই। বিচাৰক মণ্ডলীক আয়োজক সমিতিৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আজিৰ এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ক শাখাত প্ৰথম স্থান লাভ কৰে যুটীয়া ভাবে গুণ গুণ কাশ্যপ আৰু প্ৰিয়াঞ্চী বৰ্মন, দ্বিতীয় স্থান যুটীয়া ভাৱে কংকনা মিলি আৰু নিবিড় কুমাৰ নাথ, আৰু তৃতীয় স্থান লাভ কৰে যুটীয়া ভাৱে অসীমা শৰ্মা আৰু ৰাবিজীতা কলিতাই। খ শাখাত প্ৰথম স্থান লাভ কৰে নিৰ্মালি দাস, দ্বিতীয় ভায়োলিনা ডেকা আৰু তৃতীয় স্থান যুটীয়া ভাৱে ভাস্বতী ৰাজবংশী আৰু মেঘাৰ্নব কলিতাই। সুধাকন্ঠ গৰাকীৰ স্মৃতিত অনুষ্ঠিত কৰা এই সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতি গৰাকী প্ৰতিযোগীক বটাৰ লগতে নগদ ধন আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।আজিৰ এই অনুষ্ঠান সঞ্চালন কৰে সংগীত সুৰভী বিদ্যালয়ৰ সভাপতি বিজয়ানন্দ বৰুৱাই।

Leave A Reply