Breaking

ছহিদ আৰু বীৰ যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি; পশ্চিম গুৱাহাটীৰ মাজিৰগাঁৱত শিলাফলকম অনুষ্ঠান

0 79

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী কাৰ্যসূচীৰ সুচনাৰে ছহিদ আৰু বীৰ যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বুধবাৰৰ পৰা দেশজুৰি সপ্তাহযোৰাকৈ আৰম্ভ হৈছে “শিলাফলকম” নামৰ এক দেশপ্ৰেমমুলক অনুষ্ঠান।

এই কাৰ্যসূচীৰ প্ৰথম দিনটোত স্থানীয় পঞ্চায়ত, পৌৰ এলেকাৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ ছহিদ, কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেনা, অৰ্ধসামৰিক বাহিনী বা আৰক্ষী বিষয়াক স্মৰণৰ বাবে স্মৃতিফলক উৎসৰ্গিত কৰা হৈছে ।

আনহাতে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰে দিনৰ ১১ বজাত গাঁও পঞ্চায়ত আৰু পৌৰ এলেকা ভিত্তিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩৫ নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ ১০ নম্বৰ কৃষ্ণৰাম সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে মাজিৰগাঁও গাঁও পঞ্চায়তত উদযাপন কৰা এই কাৰ্যসূচীত “শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ লগতে দেশমাতৃৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে আত্মবলিদান দিয়া বীৰ সকলোলৈ সশ্ৰদ্ধ প্ৰণাম” শীৰ্ষক শিলাফলকম স্থাপন কৰা হৈছে।

আনহাতে এই উপলক্ষে ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আজিজা চাবেনুৰ বেগমে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত সকলোকে পঞ্চ সংকল্পৰ শপত বাক্য পাঠ কৰোৱায় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

অনুষ্ঠানত শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মাতৃ ৰাজুবালা কলিতা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা, মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি ববিতা বৈশ্য, সচিব পবিত্ৰ চৌধুৰী, ৰাণী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা নৱ কুমাৰ লহকৰ, পলাশবাৰী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক খগেন মেধি, কৃষ্ণৰাম সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী প্ৰেমদা কলিতা, বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অক্ষয় দাস, ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ সমিতিৰ উপ সভাপতি ৰঞ্জন দাস , তত্বাৱধায়ক সীমান্ত দাসকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি, মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাৰ বিভিন্ন দল – সংগঠনৰ প্ৰতিনিধি আৰু শতাধিক ৰাইজ উপস্থিত থাকে। শেষত কৃষ্ণৰাম সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলে দেশপ্ৰেমমূলক সংগীত পৰিবেশন কৰে।

Leave A Reply