Breaking

ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে ভাবুকি কঢ়িয়াই আনিছে ভীমপৰা গাঁৱলৈ ; গাঁও উচান হোৱাৰ আশংকা ।

0 549

উজনি-মাজুলী

নামনি মাজুলীৰ শ্ৰীলুহিত গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভকতচাপৰিৰ ভীমপৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে বিগত প্ৰায় এসপ্তাহে ধৰি চলাই থকা গৰা খহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে গাওঁখনলৈ । যাৰ পৰি-প্ৰেক্ষিতত গাঁওবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । যোৱা বৰ্ষটোত উক্ত গাঁওখনত ব্যাপক  খহনীয়াৰ সৃষ্টি হৈছিল ।  ৰাইজে জিলা উপায়ুক্ত, ব্ৰহ্মপুত্ৰ বৰ্ডক আবেদন-নিবেদন কৰাৰ লগতে সংবাদ মাধ্যমটো সবিস্তাৰে বাতৰি প্ৰচাৰ হোৱাৰ পাছতো গৰাখহনীয়া প্ৰতিৰোধ কৰাটো বাদেই কোনো এজন বিষয়া কৰ্মচাৰীয়ে খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন নকৰাৰ  অভিযোগ গাঁওবাসীৰ । প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় লাভ নকৰাত এই বৰ্ষৰ এপ্ৰিল মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহৰ গোজ, জেঙেৰে নিজৰ ভূমি সংৰক্ষণৰ বাবে উঠি পৰি লাগিছিল । কিন্তু সেয়াও ফলপ্ৰসু হৈ নুঠিল । বছৰৰ প্ৰথমটো বানে বাঁহৰ গোজসমূহ উঠুৱাই নিয়াৰ লগতে পুনৰ খহনীয়া আৰম্ভ হয় । ৰাইজে পুনৰ জিলা প্ৰশাসনক খহনীয়া বিষয়ে লিখিত ভাবে অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন বিষয়া-কৰ্মচাৰী খহনীয়া গ্ৰস্থ এলেকা পৰিদৰ্শন নকৰাত ৰাইজে ক্ষোভ ব্যক্ত কৰিছে । জিলা প্ৰশাসনে ভকতচাপৰি বাসীক মাহী আই দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে । ৰাইজে মাজুলী সমষ্টি বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱালক  বিষয়টোত গুৰুত্ব দি  হস্তক্ষেপ কৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে । উন্নত প্ৰযুক্তি আৰু বিজ্ঞান সন্মত পৰিকল্পনাৰ অবিহনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ শতাধিক পৰিয়াল গৃহহীন হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে এই অঞ্চলৰ লোক সকল পূৰ্বে মাজুলী ভিতৰতে চহকী মৌজা হিচাপে পৰিগণিত আঁহতগুৰিৰ মৌজাৰ বাসিন্দা আছিল । ১৯৮৬ চনত হোৱা প্ৰলয়ংকাৰী খহনীয়াৰ ফলত গৃহহীন হৈ পৰা লোক সকল ইয়াত সংস্থাপিত হৈছিল । গতিকে সময় থাকোতেই গৰা  খহনীয়া প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে এই লোকসকল পুনৰ গৃহহীন হৈ পৰা আশংকাত দিন অতিবাহিত  কৰিছে জনসাধাৰনে  । 

Leave A Reply