Breaking

টুপামাৰীত পানীৰ দৰত বিক্ৰী হৈছে জলকীয়া

0 1,060

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত পানীৰ দৰত জলকীয়া বিক্ৰী কৰিব লগীয়া হোৱাত জলকীয়া খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মূৰৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা জলকীয়াৰ উপযুক্ত বজাৰ মূল্য নাপাই এতিয়া লোকচানৰ সন্মুখীন হব লগা হৈছে বৃহত্তৰ টুপামাৰী অঞ্চলৰ হাজাৰ হাজাৰ দৰিদ্ৰ কৃষক ৰাইজ। ৰাজ্যৰ ভিতৰত অন্যতম সৰ্ববৃহৎ জলকীয়া বজাৰ কামৰূপ জিলাৰ নগৰবেৰাৰ টুপামাৰী জলকীয়া বজাৰ। পিছে বজাৰ খনলৈ সম্প্ৰতি নামিছে অশনি সংকেত, দুখীয়া কৃষকে পথাৰৰ জলকীয়া বজাৰত উলিয়াই বেচিব লগা হৈছে প্ৰতি কেজি’ত দহ-বাৰ টকা দামত।

বেংকৰ পৰা ঋণ লৈ অইনৰ মাটি লিজত লৈ বৃহত্তৰ টুপামাৰী অঞ্চলৰ একাংশ কৃষকে জলকীয়া খেতি কৰিছিল যদিও আশা কৰা মতে লাভৱান হব নোৱাৰাত মূৰে কপালে হাত দি বহি থাকিব লগা হৈছে শ শ কৃষকে। প্ৰতি বছৰে টুপামাৰী বজাৰৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও সৰবৰাহ হয় বৃহৎ পৰিমাণৰ কেচাঁ জলকীয়া, তেনেস্থলত বজাৰ খনৰ এই বিপৰ্যয় কিছু দিনলৈ অব্যাহত ৰ’লে ৰাজ্যৰ কৃষি অৰ্থনীতিত মোক্ষম আঘাত পৰাৰ সম্ভাৱনাই অধিক। জলকীয়া এটা ন্যায্য মূল্য নিৰ্ধাৰণ আৰু বজাৰ খনত শীঘ্ৰে জলকীয়া সংৰক্ষণৰ বাবে শীতল গৃহ স্থাপনৰ দাবী জনাইছে দুখীয়া কৃষকে।

Leave A Reply