Breaking

পিতৃ হত্যাত অভিযুক্ত দুই পুত্ৰ হাজো আৰক্ষীৰ জালত: ২৪ এপ্ৰিলত কৰিছিল পিতৃহত্যা!

0 544

পিতৃক হত্যা কৰাৰ অভিযোগত পলাতক হৈ থকা দুই পুত্ৰক আটক হাজো আৰক্ষীৰ। অভিযোগ অনুসৰি, ২৪ এপ্ৰিল তাৰিখে হাজোৰ দেহৰকুৰিহাত নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে ধন দিবলৈ অমান্তি হোৱাত নিজ পিতৃক হত্যা কৰি পলাতক হৈ আছিল আদিতৰ ৰহমান আৰু আব্দুল কাদিৰ নামৰ দুই অভিযুক্ত পুত্ৰ। তাৰ পিছতেই পলাতক আব্দুল কাদিৰক কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ পৰা আৰু আদিতৰ ৰহমানক নলবাৰী জিলাৰ ঘোগাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে হাজো আৰক্ষী।

লগতে এই হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। স্থানীয় ৰাইজৰ অভিযোগ, গ্ৰামাঞ্চলত নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনৰ বাবেই অপৰাধজনিত ঘটনা এতিয়া সঘনাই সংঘটিত হৈছে হাজোৰ বিভিন্ন প্ৰান্তত। হাজোৰ দেহৰকুৰিহাত আব্দুল জলিলৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্ত পুত্ৰক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply