Breaking

আফতাবক আক্ৰমণ কৰা ২ অভিযুক্তক তিহাৰলৈ প্ৰেৰণ, পলাতক সহযোগীক বিচাৰি আৰক্ষীৰ অভিযান…

0 68

আফতাবক আক্ৰমণ কৰা নিগম গুৰ্জাৰৰ কোনো ৰাজনৈতিক দলৰ সৈতে কোনো সম্পৰ্ক নাই। নিগম গাৰ্জুৰ পেছাত ট্ৰাক চালক, আনহাতে কুলদীপ যাদৱে পুৰণি বাহনৰ বিক্ৰী-ক্ৰয়ৰ কাম কৰে।

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাক কঢ়িয়াই অনা আৰক্ষীৰ ভ্যানত আক্ৰমণ চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত নিগম গুৰ্জাৰ আৰু কুলদীপ যাদৱ দুয়োকে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। দিল্লী আৰক্ষীয়ে নিশা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুয়ো অভিযুক্তক ৰোহিনী আদালতত হাজিৰ কৰে। ইয়াৰ পিছত তেওঁক তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছে।

আফতাব কঢ়িয়াই অনা আৰক্ষীৰ ভ্যানত আক্ৰমণ কৰা সকলে নিজকে হিন্দু সেনাৰ কৰ্মী বুলি অভিহিত কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰে। দিল্লী আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে আক্ৰমণকাৰীয়ে আফতাবক হত্যা কৰিব বিচাৰিছিল। এই আটাইকেইজন অভিযুক্ত গুৰুগ্ৰামৰ পৰা আহিছিল। মুঠ আক্ৰমণকাৰীৰ সংখ্যা ১৫ জন বুলি জানিব পৰা গৈছে। আটকাধীন আক্ৰমণকাৰীৰ এজনক নিগম গুৰজাৰ আৰু আনজন কুলদীপ যাদৱ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী বিষয়াৰ মতে, ধৃত নিগম গুৰজাৰৰ কোনো ৰাজনৈতিক দলৰ সৈতে কোনো সম্পৰ্ক নাই। নিগম গাৰ্জুৰ পেছাত ট্ৰাক চালক, আনহাতে কুলদীপ যাদৱে পুৰণি বাহনৰ বিক্ৰী-ক্ৰয়ৰ কাম কৰে।

Leave A Reply