Breaking

গুৱাহাটীৰ বৈকুণ্ঠপুৰত দুদিনীয়াকৈ প্ৰথম উত্তৰ পূব ভেটাৰ্ণ ফুটবল ট্ৰফী

0 66

গুৱাহাটীত অহা ২৭ আৰু ২৮ মে’, শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হ’ব প্ৰথম উত্তৰ পূব ভেটাৰ্ণ ফুটবল ট্ৰফী, ২০২৩ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ ফৰ্মেট হ’ল নাইন এ ছাইড আৰু খেলবোৰ লীগ কাম নক আউট ভিত্তিত অনুষ্ঠিত হ’ব । খেলৰ স্থান গুৱাহাটীৰ লালমাটিৰ গেম ভিলেজৰ ওচৰৰ বৈকুণ্ঠপুৰ খেলপথাৰ । কেৱল ৪০ বছৰৰ ঊৰ্দ্ধৰ খেলুৱৈয়েহে ইয়াত অংশ ল’ব পাৰিব ।

এই প্ৰতিযোগিতাৰ আয়োজক মৰ্ণিং ষ্টাৰ ফুটবল ক্লাব । ট্ৰফী থাকিব ৬ টা আৰু ইয়াৰে ৩ টা ট্ৰফী হ’ব ব্যক্তিগত । শ্ৰেষ্ঠ দলক ট্ৰফীসহ ১০ হেজাৰ আৰু ফাইনেলিষ্টক ট্ৰফীসহ ৫ হেজাৰ টকাৰ প্ৰাইজমানি প্ৰদান কৰা হ’ব । ইয়াৰ লগতে থাকিব বেষ্ট স্কৰাৰ, বেষ্ট প্লেয়াৰ, বেষ্ট গ’লকীপাৰৰ ট্ৰফী আৰু থাকিব শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ ট্ৰফী । যোগদানৰ অন্তিম তাৰিখ ২৬ মে’, ২০২৩ । ইচ্ছুক দলে ৯৪৩৫৭- ০৩৭৩৫ অথবা ৯৮৬৪৮- ৫৫৭৭৭ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Leave A Reply